মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী টোপ,সম্পুৰ্ণ নহ’ল বাদুলিপাৰৰ ঐতিহাসিক গোঁহাই আলি…

মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী টোপ,সম্পুৰ্ণ নহ’ল বাদুলিপাৰৰ ঐতিহাসিক গোঁহাই আলি…

ডি়জিটেল সংবাদ,বোকাখাতঃ গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহাসিক ব্যস্ত পথ, স্থানীয় ভাৱে গোহাঁই আলি হিচাপে পৰিচিত এই পথছোৱা।উদ্বোধনৰ ৯ মাহৰ পিছতো উন্নীতকৰণ নোহোৱাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইফালে একাংশ স্থানীয় লোকে মন্তব্য কৰিছে যে সেয়া আছিল নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰী-বিধায়কে দিয়া এক প্ৰকাৰৰ টোপহে।

উল্লেখযোগ্য যে পৰিত্যক্ত ঐতিহাসিক পথটোৰ বাতৰি ২০২০ বৰ্ষৰ জুলাই আৰু ছেপ্টেম্বৰ মাহত সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাছিল । সেই সময়তে বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক মন্ত্রী অতুল বৰাই বিভাগীয় বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ আৰু স্থানীয় ৰাইজৰ উপস্থিতিত উক্ত বৰ্ষৰ নৱেম্বৰ মাহৰ ৯ তাৰিখে পথছোৱাৰ পুনৰ নিৰ্মাণ কামৰ উদ্বোধন কৰিছিল।

২০১৯-২০ বিত্তীয় বৰ্ষৰ SOPD(G) আঁচনিৰ অধীনত বোকাখাত পথ সংমণ্ডল কাৰ্যালয়ৰ যোগেদি উক্ত পথৰ বাদুলিপাৰৰ পৰা ৬কিঃমিঃ দৈৰ্ঘ্যৰ (পথছোৱাৰ এক অংশ) পথছোৱা পুনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰিছিল ১ কোটি ২২ লাখ ৮২ হাজাৰ ২শ টকা। আৰু পথছোৱা পুনৰ নিৰ্মাণৰ বাবে গুৱাহাটীৰ ফ্ৰেয়াজুল হক নামৰ এজন ব্যক্তিয়ে ঠিকা লাভ কৰিছিল।

পথছোৱাৰ পুনৰ নিৰ্মাণ কামৰ উদ্বোধন কৰি ঠিকা লাভ কৰা ব্যক্তিগৰাকীক কিমান দিনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সোধা প্ৰশ্নৰ উত্তৰত ঠিকাদাৰ গৰাকীয়ে একৰ পৰা ডেৰমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূর্ণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল ।

কিন্তু ৰহস্যজনকভাৱে উদ্বোধনৰ প্রায় ২-৩ মাহৰ পিছত অৰ্থাৎ ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত সৰু সুৰা কেইটামান গাঁত পূৰ কৰিয়েই নিৰ্মাণ কাৰ্য স্থগিত ৰাখিলে ঠিকাদাৰজনে।

এনে পৰিস্থিতিত এতিয়া পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে এয়া ঠিকাদাৰৰ হেমাহি নে বিভাগীয় বিষয়াৰ আশীৰ্বাদত পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত হেমাহি হৈছে? ইয়াত কি দুর্নীতি হৈছে, এক-ডেৰ মাহত পথৰ নিৰ্মাণকার্য সম্পূর্ণ কৰিবলগীয়া পথ ১০ মাহেও সম্পূৰ্ণ নহল কিয়?এই সকলোবোৰ দিশ সামৰি ভুক্তভোগী ৰাইজে বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্রী অতুল বৰাৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কেনেদৰে ৰাইজক আশ্বস্ত কৰিব সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in