শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

পহিলা বহাগৰ দিনাই আনন্দ বজাৰ সাহিত্য সভাই ঘৰে ঘৰে গৈ জ্যেষ্ঠ ব্যক্তিক জনালে সম্বৰ্দ্ধনা

15

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন সাহিত্য সভাৰ৷ অসম সাহিত্য সভাৰ হৈ আনন্দ বজাৰ সাহিত্য সভাৰ এই কাৰ্যসূচী৷ সোমবাৰে আনন্দ বজাৰ সাহিত্য সভাৰ কেবাগৰাকী বিষয়ববীয়া তথা সদস্যই বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ তিনিগৰাকী জ্যেষ্ঠ ব্যক্তি ক্ৰমে ৰৌমাৰী গাঁওৰ প্ৰফুল্ল দাস, ২ নং ডুমৰুগুৰিৰ গৰ্গৰাম নাথ আৰু ভকুৱামাৰীৰ আয়নাল হকৰ নিজা বাসভৱনলৈ গৈ ফুলাম গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে ব’হাগ বিহুৰ ওলগ জনায়৷

স্মৰ্তব্য যে,অসম তথা নিজ নিজ অঞ্চলত শিক্ষা,সাহিত্য,সংস্কৃতি,সমাজসেৱা আদি বিভিন্ন দিশত অৱদান যোগোৱা ৬০ উৰ্দ্ধৰ বিশিষ্ট ব্যক্তিক আজি কিছু বছৰ ধৰি অসম সাহিত্য সভাৰ প্ৰচেষ্টাত পহিলা ব’হাগৰ দিনটোক নিজৰ দিন হিচাপে লৈ ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠান পালন কৰি আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি