বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, গৰাকী মহিলাসহ থিতাতে নিহত ২…

বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, গৰাকী মহিলাসহ থিতাতে নিহত ২…
  • বগীবিল দলঙৰ সমীপৰ টঙানীত দেওবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত এগৰাকী মহিলাসহ এজন লোক থিতাতে নিহত হয়।
  • প্ৰাপ্ত খবৰ অনুসৰি বগীবিল দলঙৰ সমীপৰ টঙানীত এখন যাত্ৰীবাহী বাছ আৰু এখন বলেৰ'ৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
  • ফলত বলেৰ'খনত থকা এগৰাকী মহিলা আৰু বলেৰ'খনৰ চালকজনে থিতাতে মৃত্যুক আঁকোৱালি লয়।
  • আনহাতে চংকিম মচাং নামৰ আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
  • দুৰ্ঘটনাত নিহত মহিলাগৰাকীক ভাৰতী মচাং আৰু চালকজনক অমিত ছনাৰ বুলি চিনাক্ত কৰা হৈছে।
  • ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চংকিম মচাং অৰুণাচলৰ ডি এফ অ' বুলি জানিব পৰা গৈছে।
  • তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।
  • ইফালে দুৰ্ঘটনাত নিহত ভাৰতী মচাং হ'ল তেওঁৰ পত্নী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in