শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

নাও দুৰ্ঘটনাত নিখোজ হোৱা কিৰণ থাপাৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ সৰ্বোদয় ঘাটত মৃতদেহ উদ্ধাৰ। যোৱা সোমাবাৰে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দিহিং নৈৰ অসম অৰুণাচল সংযোগী জাগুন ঘাটত এক শোকাবহ নাও দুৰ্ঘটনাত নদীৰ বুকুত নিখুজ হোৱা কিৰণ থাপাৰ মৃতদেহ বুলি চিনাক্ত কৰা হয়।

ইতিমধ্যে বুঢ়ীদিহিং নদীৰ সৰ্বোদয় ঘাটত লেখাপানী আৰক্ষী লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, এই নাও দুৰ্ঘটনাৰ পাছতেই স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অঞ্চলটোৰ ৰাইজে অসম অৰুণাচল সংযোগী জাগুন ঘাটত এখন দলং নিৰ্মাণৰ দাবী জনোৱাৰ লগতে কিৰণ থাপাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছিল।

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ১৬ জুনত No-MRJ. 1/2012/Pt/ নম্বৰৰ এখন জাননীৰ জৰিয়তে সমগ্ৰ মহকুমাতোত সকলোধৰণৰ হাত নাও তথা যন্ত্ৰচালিত নাৱৰ চলাচল বন্ধ কৰিছিল । কিন্তু ইয়াৰ পাছতো মহকুমাটোৰ বিভিন্ন প্ৰান্তত নাও চলাচল অব্যাহত থকাত যোৱা সোমাবাৰে ফেৰি নাওখনত আই টেন গাড়ী এখন উঠাব লওতেই কিৰণ থাপাসহ গাড়ীখন বুঢ়ীদিহিং নৈত পৰি শোকাবহ ভাবে প্ৰাণ হেৰুৱাব লগাত পৰে।

কিন্তু অতি পৰিতাপৰ বিষয় যে, উক্ত দুৰ্ঘটনা সংঘটিত হোৱা ফেৰি নাওখনৰ মালিক পক্ষৰ বিৰুদ্ধে এই পৰ্য্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে ৰাইজ ক্ষুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসনৰ চূৰান্ত উদাসীনাতৰ বাবে কিৰণ থাপাই প্ৰাণ হেৰুৱাব লগা হ’ল বুলি সৰ্বত্ৰে চৰ্চা হোৱাৰ লগতে অবৈধ নাও মালিক পক্ষ্যৰ সৈতে প্ৰশাসন,আৰক্ষী তথা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গোপন বুজি বুজি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্য্যয়াৰ তদন্তৰো দাবী উত্থাপন হৈছে।