বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিগত এটা বছৰে প্ৰদান নকৰিলে গ্ৰেডচীট…

বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিগত এটা বছৰে প্ৰদান নকৰিলে গ্ৰেডচীট…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিগত এটা বছৰে স্নাতক ষষ্ঠ ষাণ্মাষিকৰ গ্ৰেড চীট প্ৰদান নকৰাত ক্ষুব্ধ হৈ উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু। শুকুৰবাৰে এবছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ত অধ্যায়ন কৰি উত্তীৰ্ণ হোৱাৰ পিছতো ছাত্ৰী ছাত্ৰীসকলে বৰ্তমানলৈকে মাৰ্কচিট তথা গ্ৰেড চীট নোপোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে।

গ্ৰেড চীট নোপোৱাৰ বাবেই অইন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল নামভৰ্তিৰ ক্ষেত্ৰত বেমেজালিৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰি এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে কয় যে বিষয়টো সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাত ছেপ্টেম্বৰ মাহতে ছাত্ৰ ছাত্ৰী সকলক গ্ৰেড চীট প্ৰদান কৰাৰ কথা আছিল সেয়া আজিকোপতি পুৰণ নকৰিলে।

 দূৰ্গাপূজাৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেড চীট প্ৰদান নকৰিলে দূৰ্গাপূজাৰ পিছতেই এবছুৱে  অনিদিষ্টকালীন ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি এবছুৱে হুংকাৰ প্ৰদান কৰিছে । তদুপৰি স্নাতকত্তোৰ পৰ্যায়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগতে ৩০ শতাংশকৈ আসন বঢ়াবলৈও দাবী উত্থাপন কৰিছে এবছুৱে। বড়োলেণ্ড অঞ্চলৰ একমাত্ৰ বিশ্ববিদ্যালয়খনত আসনৰ অভাৱৰ বাবেই বহুসংখ্যক ছাত্ৰ-ছাত্ৰীৱে পঢ়িবলৈ সুযোগ পোৱা নাই বুলি মন্তব্য কৰি আসন বঢ়োৱাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকৰ ভূমিকাকো কঠোৰ সমালোচনা কৰিছে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীৱে।

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী পঞ্জীয়ক নিযুক্তি দিবলৈও আহ্বান জনাই এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in