নিজৰ বিৰুদ্ধে নিজেই তদন্ত বিচাৰি ৰাজ্যপাললৈ পত্ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

নিজৰ বিৰুদ্ধে নিজেই তদন্ত বিচাৰি ৰাজ্যপাললৈ পত্ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই নিজেই নিজৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি-অনিয়মৰ অভিযোগৰ তদন্ত বিচাৰি ৰাজ্যপাল তথা আচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা কাৰ্যই বিটিএডি অঞ্চলৰ শৈক্ষিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীলৈ প্ৰেৰণ কৰা পত্ৰখনতত উপাচাৰ্য বৰুৱাই "ভিজিলেন্স কমিটি" প্ৰেৰণ কৰিবলৈ আচাৰ্যক অনুৰোধ জনাইছে। এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজ বিশ্ববিদ্যালয়ত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্ত বিচাৰি উৰ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনোৱা ঘটনা বিৰল যদিও সেয়াই বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংঘটিত হৈছে। 

উল্লেখ্য যে বিগত কিছুদিন ধৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন অনিয়ম, দুৰ্নীতি, কেলেংকাৰী ৰাজ্যৰ বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাই আহিছিল। তাৰেই পৰিপ্ৰেক্ষিতত আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যক "ভিজিলেন্স কমিটি" পঠাবলৈ অনুৰোধ কৰি এক পত্ৰ প্ৰেৰণ কৰিছে।

সমগ্ৰ অভিযোগৰ চৰকাৰী তদন্ত বিচাৰি উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই কয় যে তেওঁ নিজে দোষী হোৱা হ'লে চৰকাৰী তদন্ত নিবিচাৰিলেহেতেন। অকল দুৰ্নীতি-অনিয়মৰ তদন্তই নহয়, বৰং বিশ্ববিদ্যালয়ৰ ভিতৰুৱা সকলো কথাই চৰকাৰী তদন্তৰ জৰিয়তে পোহৰলৈ অনাৰ দাবীও উত্থাপন কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই।

উপাচাৰ্য বৰুৱাই কয় যে বিভিন্ন সময়ত তেওঁ কাৰ্যবাহী পৰিষদৰ বৈঠকত বাধাৰ সন্মুখীন হৈ বৈঠকৰ পৰা "ৱাক আউট" পৰ্যন্ত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। তৎসত্বেও বিশ্ববিদ্যালয়খনৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি থকাৰ পিছতো উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত অপবাদ দিয়া কাৰ্যত গভীৰ দুখ প্ৰকাশ কৰি তদন্তই হে সমগ্ৰ বিষয় পৰিস্কাৰ কৰিব বুলি মন্তব্য কৰিছে।

বিশ্ববিদ্যালয়ৰ উন্নতিৰ স্বাৰ্থতে বিশ্ববিদ্যালয়খনত ৮ টাকৈ নতুন বিভাগৰ শুভাৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁৰ সততা আৰু নিষ্ঠাক সন্দেহৰ চকুৰে চোৱা সকলক প্ৰত্যাহ্বান জনাই কয় যে বিশ্ববিদ্যালয়ৰ কামৰ বাবে যোৱাৰ বাবদ দৈনিক ভাট্টাও তেওঁ লোৱা নাই। উপাচাৰ্যৰ বাবে ৰান্ধনী আৰু মালিৰ পদত চৰকাৰী অনুমোদনেই নোহোৱাৰ লগতে উপাচাৰ্যৰ নামত চিলিণ্ডাৰ পৰ্যন্ত সংযোগ নাই বুলি জানিবলৈ দি এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ পিছতো আজিলৈ তেওঁ আৱৰ্ত ভৱনতে থাকি নিজে ভাত ৰান্ধি খাবলগীয়া হৈছে বুলিও আক্ষেপ কৰে।

ইপিনে অতিথি অধ্যাপক আৰু পদ নিয়মীয়াকৰণ সন্দৰ্ভত উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই কয় যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পূৰ্বৰ নীতি অনুসৰিয়েই সহযোগী অধ্যাপকৰ পৰা সহকাৰী অধ্যাপকৰ পদলৈ অৱনমিত কৰা হৈছে। এই নিয়ম বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰ পৰাই চলি আছিল আৰু অতিথি অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণো একেই পদ্ধতিত চলি আহিছিল। এইক্ষেত্ৰত তেওঁ নিজে বিশেষ একো কৰিব লগা নাছিল কিয়নো কাৰ্যবাহী পৰিষদে পূৰ্বেই এই নিয়ম বান্ধি থৈছিল।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত কাহানিও স্বজন-তোষণ কৰা নাই বুলিও দাবী কৰে উপাচাৰ্যই। বিশ্ববিদ্যালয়ৰ পৰা ২৩খন কলেজ গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন  কৰা সম্পৰ্কত তেওঁ কয় যে উক্ত কলেজসমূহ ১২ বি মৰ্যদাসম্পন্ন আৰু সেইসূত্ৰে উক্ত কলেজবোৰে ইউজিচিৰ পৰা আৰ্থিক অনুদান লাভ কৰি আছে। কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয় যিহেতু এতিয়ালৈ ১২ বি ষ্টেটাচ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেয়েহে সেই কলেজসমূহৰ কৰ্তৃপক্ষই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থাকিলে ইউজিচিৰ পৰা আৰ্থিক অনুদান লাভত বাধাগ্ৰস্থ হ'ব বুলি আশংকা কৰিয়ে কলেজ কেইখনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰে।

বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাচ লাভৰ বাবে ইউজিচিয়ে আৰোপ কৰা চৰ্তসমূহৰ ভিতৰত অকল অধ্যাপকৰ পদ পূৰণ কৰিবলৈহে বাকী আৰু অধ্যাপকৰ পদ পূৰণ হলেই ১২ বি ষ্টেটাচ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি ১২ বি ষ্টেটাচ লাভৰ পিছতে পুনৰাই প্ৰত্যাৱৰ্তন কৰা কলেজ কেইখন ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই।

ইয়াৰোপৰি বহুচৰ্চিত আসন সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ কয় যে বিশ্ববিদ্যালয়খনত বৰ্তমান ৮০-২০ সংৰক্ষণ নীতি বাহাল আছে। অৰ্থাৎ বিশ্ববিদ্যালয়খনত নামভৰ্তিৰ ক্ষেত্ৰত ৮০ শতাংশ আসন বিটিএডি এলেকাৰ কলেজত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীৰে পূৰ্ণ কৰা হয় আৰু বাকী ২০ শতাংশ আসন বিটিএডি এলেকাৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰে পুৰ কৰা হয়। এই নিয়ম ইউজিচিয়ে বান্ধি দিয়া নহয় বৰং বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্ত বুলি উল্লেখ কৰে উপাচাৰ্যই।

বিশ্ববিদ্যালয়ত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগ, ধনৰ লেনদেন, কেলেংকাৰী  আদিকে ধৰি বিভিন্ন অভিযোগৰ চৰকাৰী তদন্তৰ দাবী জনাই উক্ত তদন্তত তেওঁ সম্পূৰ্ণৰূপে সহযোগ কৰিব বুলি মন্তব্য কৰি উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই চাকৰি জীৱনৰ শেষৰ ফালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অপবাদ উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in