বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা…

99

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য প্ৰাক্তন পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰী আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথে নিজৰ উদ্ভাৱনীমূলক কাৰ্যৰ দ্বাৰা সৰ্বভাৰতীয় বঁটাৰে বিভূষিত হ’বলৈ সক্ষম হৈছে । অল ইণ্ডিয়া এডুকেশ্যনেল কনছালটেন্টছ এণ্ড কাউন্সিলৰ এছ’চিয়েশ্যন (All India Edcational Consultants and counsellor Association) উপৰোক্ত শিক্ষাবিদ দুগৰাকীক তেওঁলোকৰ কৰ্মস্থলীত দেখুওৱা সৰ্বশ্ৰেষ্ঠ বিচক্ষণতা আৰু নেতৃত্বতামূলক গুণৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ “গ’ল্ডেন এইম এৱাৰ্ড”ৰে সন্মানিত কৰিছে ।

ইয়াৰে প্ৰহ্লাদ বসুমতাৰীয়ে ‘মষ্ট ইনভেটিভ ৰেজিষ্টাৰ এৱাৰ্ড’ আৰু প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথে ‘মষ্ট ইনভেটিভ ভাইচ-চেঞ্চেলৰ’ বঁটা লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে । উল্লেখ্য যে, বিটিএডিৰ বাক্সা জিলাৰ বাসিন্দা তথা বৰ্তমানে বড়োলেণ্ড বিশ্ববিদ্যালয়ত কৰ্মৰত ড° প্ৰহ্লাদ বসুমতাৰীয়ে নিজৰ উদ্ভাৱনীমূলক চিন্তাৰ ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ।

তেওঁৰ নেতৃত্ব আৰু পৰিকল্পনাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা ১২ বি ষ্টেটাচ লাভ কৰিবলৈ সক্ষম হৈছিল। বড়োলেণ্ড বিশ্ববিদ্যালয়ে হ’ল বিশ্ববিদ্যালয় অনুদান আয়োগৰ চিবিচিএচ পাঠ্যক্ৰম ৰূপায়ন কৰা প্ৰথম বিশ্ববিদ্যালয় আৰু সেয়া ড° প্ৰহ্লাদ বসুমতাৰীৰ নেৰ্তৃত্বতে ৰূপায়ন কৰা হৈছিল ।

ড° প্ৰহ্লাদ বসুমতাৰীয়ে সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষকবৃন্দই ড° প্ৰহ্লাদ বসুমতাৰীক শুভেচ্ছা জ্ঞাপন কৰি উক্ত স্বীকৃতিয়ে ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰিছে । ইফালে, প্ৰসিদ্ধ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথে মষ্ট ইনভেটিভ ভাইচ-চেঞ্চেলৰ বঁটা লাভ কৰাত বিশ্ববিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি