পৃথক বড়োলেণ্ডৰ দাবীত লক্ষাধিক বড়ো জনতাসহ এবছুৰ বিশাল সমদল, VIDEO

পৃথক বড়োলেণ্ডৰ দাবীত লক্ষাধিক বড়ো জনতাসহ এবছুৰ বিশাল সমদল, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৮৭ দশকত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত ডিভাইড আছাম ফিফটি ফিফটি শ্লোগানেৰে আৰম্ভ হোৱা জোৰদাৰ পৃথক বড়োলেণ্ড আন্দোলনৰ সোমবাৰে যেন পুনৰাবৃত্তি ঘটিল ৷ বডোফাৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ আন্দোলনত যেনেকৈ লাখ-লাখ জনতাই স্বতঃস্ফূৰ্তভাবে সহযোগিতা আগবঢ়াই শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিছিল, আজিও ঠিক তেনেকৈয়ে  পুনৰবাৰ কোকৰাঝাৰত প্ৰায় লক্ষাধিক বড়ো জনগোষ্ঠীৰ যুৱক-যুৱতী, আবাল বৃদ্ধ-বণিতা, সাধাৰণ ৰাইজক বড়ো সকলৰ সুৰক্ষা-ন্যায় প্ৰদান, অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা তথা কাৰ্বি-আংলং আৰু ডিমা হাছাওৰ বড়ো সকলক পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীৰে ৰাজপথলৈ ঐক্যৱদ্ধভাৱে ওলাই আহে।

বডোফাৰ নেতৃত্বত আৰম্ভ হোৱা ঐতিহাসিক ক্ষণৰ পৃথক বড়োলেণ্ড ৰাজ্য দাবীৰ আন্দোলনৰ প্ৰাসংগিতাৰেই সোঁৱৰাই দিলে যে বড়োলেণ্ড নোপোৱা পৰ্যন্ত বড়ো জনতা শান্ত নহয় ৷ যাৰ বাবে সোমবাৰে বড়ো জনতাই হাতে-হাত ধৰি কৈ ৰাজপথলৈ ওলাই আহি ডিভাইড আছাম ফিফটি-ফিফটি শ্লোগানেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ ৰাজপথ প্ৰতিধ্বনিত কৰি তোলাৰ লগতে আকাশ-বতাহ কপাঁই তোলে৷

বিশেষকৈ দীৰ্ঘ বছৰীয়া চৰকাৰী পক্ষৰ শোষণ, চৰম অৱহেলা, প্ৰতাৰণা আৰু বঞ্চনাৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহি পুণৰাই ডিভাইড আছাম ফিফটি ফিফটি শ্লোগানেৰে বড়োলেণ্ড গঠনৰ সপক্ষে বিশাল সমদল উলিয়াই উত্তাল পৰিৱেশ অথচ শান্তিপূৰ্ণ আন্দোলনৰ দ্বাৰা এবছু, এনডিএফবি(প্ৰ), পিজেএচিবিএম আৰু বড়ো জনতাই চৰকাৰী পক্ষক সকীয়াই দিয়ে যে- ৰাজ্য গঠন অবিহনে তেওঁলোক কোনোদিনে ক্ষান্ত নহয়৷

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃত্বত এনডিএফবি (প্ৰ) পিজেএচিবিএম, ট্ৰাইবেল সংঘ, ইউনাইটেড মুছলিম মাইনৰিটি ছেল, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, ইউপিপিএলৰ প্ৰায় লক্ষাধিক কৰ্মী সদস্যই সোমবাৰে পুৱা ১১ বজাত চহৰখনৰ জাংখ্ৰিখাং পথাৰৰ পৰা সদলবলে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড লৈ ডিভাইড আছাম ফিফটি ফিফটি শ্লোগানেৰে বিশাল সমদল উলিয়াই হাব্ৰুবাৰী-আৰএনবি পথেৰে কোকৰাঝাৰ চহৰত প্ৰৱেশ কৰি চহৰৰ জে.ডি.ৰোড উৰণীয়া সেতুয়েদি খাৰগাওঁ পথাৰত উপস্থিত হয়৷

উক্ত স্থানতে সমদলৰ অন্তত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীৰ পৰিচালনাত অনুষ্ঠিত এক বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়৷ সভাত অংশ গ্ৰহণকাৰী এবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবি(প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউজি ব্ৰহ্ম, পিজেএচিবিএমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো আদিয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ লগতে সাংবাদিকেৰে হোৱা মুখামুখিত পৃথক বড়োলেণ্ড লাগিবই বুলি উল্লেখ কৰি বড়োসকলৰ আন্দোলন কোনো জাতি-জনগোষ্ঠী,ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে নহয়, এই আন্দোলন বড়ো জনগোষ্ঠীৰ ভাষা,সাহিত্য সংস্কৃতি, কলা,কৃষ্টি,আত্ম পৰিচয় ৰক্ষাৰে জীয়াই থকাৰ সংগ্ৰামহে ৷  যেতিয়ালৈ পৃথক বড়োলেণ্ড ৰাজ্য গঠন নহয় তেতিয়ালৈ এই আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে৷

আনহাতে, ৰাজ্যখনৰ পূৰ্বৰে পৰা থকা কম জনসংখ্যাৰ ১৪কৈ ভূমিপুত্ৰক জনজাতিসকলৰ অস্তিত্ব নিঃশেষৰ ব্লুপ্ৰিন্টেৰে বিজেপি চৰকাৰখনে একমাত্ৰ ভোটৰ ৰাজনীতি, লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰায় ডেৰ কোটি জনসংখ্যাৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব বিচৰা প্ৰক্ৰিয়াক কেতিয়াও গ্ৰহণ কৰা নহ'ব৷ কাৰণ উক্ত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ আগত বা পিচত জনগোষ্ঠী কেইটাৰ সাধাৰণ ৰাইজৰ কোনো প্ৰকাৰে উপকৃত নহয়৷ সকলোবোৰ ৰাজনীতিৰ ভেকোভাঁওনা বুলি অভিহিত কৰি অতি শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য ৰাজনৈতিকভাবে গঠন কৰি দিব লাগে বুলিও দাবী জনায়৷

উল্লেখ্য যে, পৃথক বড়োলেণ্ড গঠনৰ দাবীত আজি উলিওৱা বিশাল সমদলৰ কাৰ্যসূচীত পিজেএচিবিএমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো, এনডিএফবি (প্ৰ) সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, মুখপাত্ৰ বি. বেংগা ওৰফে সুনীল বসুমতাৰী, প্ৰচাৰ সচিৱ এছ ছানজাৰাং, গৃহ সচিৱ এম গেৰেমা, ন্যায়িক সচিব বি.সুদেম, বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বৰ্মনৰ উপৰিও মুকলি সভাত আগছু, আৰছু আদিৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰাৰ লগতে সমদলৰ বাবে প্ৰায় ডেৰঘন্টা সময় সমগ্ৰ কোকৰাঝাৰ চহৰত যাতায়াত ব্যৱস্থা এক প্ৰকাৰ স্থবিৰ হৈ পৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in