হিমাচলৰ সুউচ্চ পৰ্বতৰ শিখৰত উৰিল ‘আৰণাইঃ ‘এডভেন্সাৰ’ৰ দুঃসাহসিক পৰ্বতাৰোহণৰ যাত্ৰা সফলতাৰে সমাপন…

হিমাচলৰ সুউচ্চ পৰ্বতৰ শিখৰত উৰিল ‘আৰণাইঃ ‘এডভেন্সাৰ’ৰ দুঃসাহসিক পৰ্বতাৰোহণৰ যাত্ৰা সফলতাৰে সমাপন…

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ অগ্ৰণী ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা এডভেন্সাৰে শেহতীয়াকৈ লাভ কৰা ঐতিহাসিক সফলতাত এতিয়া আনন্দৰ বন্যা বৈছে বড়ো ভূমিত। দুৰ্গম পথৰে এডভেন্সাৰৰ ৬ জনীয়া এটি দলে হিমাচল প্ৰদেশত যোৱা ৯ ছেপ্তেম্বৰত সফলতাৰে সমাপন কৰে ৬১১১ মিটাৰৰ পৰ্বতাৰোহণৰ যাত্ৰা। ৬ জনীয়া এই পৰ্বতাৰোহী দলটোৰ নেতৃত্বত আছিল অভিজ্ঞ পৰ্বতাৰোহী ডঃ জগদীশ বসুমতাৰী। তেওঁৰ সহযোগী হিচাপে আছিল লাঙ্গৱনা বসুমতাৰী আৰু ফুঙ্খা ব্ৰক্ষ্ম। স্মতৰ্ব্য যে, বি টি এ ডিৰ পৰা পৰ্বতাৰোহণৰ এইটো আছিল প্ৰথমটো অভিযান।

এজভেন্সাৰৰ এই ৬ জনীয়া দলটোৱে যোৱা ২ ছেপ্তেম্বৰত কোকৰাঝাৰৰ পৰা হিমাচলৰ অভিমুখে ৰাওনা হৈছিল। ৫ ছেপ্তেম্বৰত মনালীত উপস্থিত হৈ ৬ ছেপ্তেম্বৰত হিমাচলৰ ভৰতপুৰ নামৰ স্থানত প্ৰায় ১৫৬০০ ফুট উচ্চতাত পাতিছিল কেম্প। বতৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ৮ ছেপ্তেম্বৰত প্ৰায় ১৮,১০০ ফুট উচ্চতাত শিবিৰ পাতিছিল। ৯ ছেপ্তেম্বৰৰ পুৱতি নিশা প্ৰায় ৪.৩০ বজাৰ পৰা দুৰ্গম পথৰে যাত্ৰা আৰম্ভ কৰি দিনৰ ২ বজাত দলৰ ৩ জন সদস্য উপস্থিত হৈছিলগৈ পৰ্বতৰ শিখৰত।

হিমাচলৰ পৰ্বতৰ শিখৰত থিয় হৈ দলটোৱে ৰাষ্ট্ৰীয় পতাকাৰ লগতে উৰুৱালে বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক 'আৰণাই'। এই ঐতিহাসিৰ সফলতাৰ পাছতে ৬ জনীয়া পৰ্বতাৰোহী দলটো ১১ ছেপ্তেম্বৰত পুনৰ উপস্থিত হয় মনালীত। এই দুসাহসিক পৰ্বতাৰোহনৰ যাত্ৰাত দলটোক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে অসম পৰ্বতাৰোহণ সংস্থা, উত্তৰ-পূব পৰ্বতাৰোহণ সংস্থাৰ লগতে বি টি চিৰ ক্ৰীড়া আৰু যুৱকল্যা বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in