কোকৰাঝাৰত অনুষ্ঠিত প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্রীয় পেৰাগ্লাইডিং প্রতিযোগিতাত ইণ্ডোনেছীয়া প্ৰথম, চীন দ্বিতীয়

কোকৰাঝাৰত অনুষ্ঠিত প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্রীয় পেৰাগ্লাইডিং প্রতিযোগিতাত ইণ্ডোনেছীয়া প্ৰথম, চীন দ্বিতীয়

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰ পাহাৰত যোৱা ১০ নৱেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাখন বৃহস্পতিবাৰে বৰ্ণিল কাৰ্যসূচীৰে অন্ত পৰে। বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাখনত বিশ্বৰ ১০ খন দেশৰ ৬৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা চিংগাপুৰ, চীন, ইণ্ডোনেছীয়া, জাপান, থাইলেণ্ড, নেপাল, মালেছিয়া, হংকং, টাইৱান, মঙ্গোলিয়া আদি দেশৰ ভিতৰত ইণ্ডোনেছীয়া দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে চীনে প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু কোৰিয়াই তৃতীয় স্থান লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীতাখনত পুৰুষৰ শাখাত ইণ্ডোনেছীয়াৰ জাফ্ৰো মেগাৱাণ্টোই প্ৰথম, চীনৰ য়াং উ দ্বিতীয় আৰু ইণ্ডোনেছীয়াৰ আৰডিয়ান ছিয়াহ মেগা পুত্ৰই তৃতীয় স্থান লাভ কৰে।

আনহাতে মহিলা শাখাত ইণ্ডোনেছীয়াৰ ৰিকা উইনজাণ্টিয়ে প্ৰথম আৰু গীতা ৰিংকীউণ্টিয়ে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে কোৰিয়াৰ জিনহী বেকে তৃতীয় স্থান লাভ কৰ। প্ৰথমস্থান প্ৰাপকক দুই লাখ টকাসহ বঁটা আৰু প্ৰশস্তি পত্ৰ, দ্বিতীয় স্থান প্ৰাপকক ডেৰলাখ টকাসহ বঁটা আৰু প্ৰশস্তি পত্ৰ আৰু তৃতীয় প্ৰাপকক একলাখ টকাসহ বঁটা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে।

উল্লেখ্য যে, প্রথম বড়োলেণ্ড আন্তঃৰাষ্ট্রীয় পেৰাগ্লাইডিং প্রতিযোগিতাৰ অন্তিম দিনৰ বৰ্ণিল কাৰ্যসূচী স্বচক্ষে প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীসকল আহ্লাদিত হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in