বড়ো শান্তিচুক্তিত কি কি থাকিব পাৰে?

বড়ো শান্তিচুক্তিত কি কি থাকিব পাৰে?
  • প্ৰস্তাৱিত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে এনডিএফবিৰ চাৰিটা গোটৰ শীৰ্ষ নেতৃত্ব।
  • গণৰাজ্য দিৱস উদযাপন কৰিয়েই নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।
  • দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে এই চুক্তি সন্দৰ্ভত কিছু কথা জনালে হাগ্ৰামা মহিলাৰীয়ে।
  • মহিলাৰীৰ মতে, ২৭ জানুৱাৰী, ২০২০ত এনডিএফবি নেতৃত্বৰ সৈতে স্বাক্ষৰিত হ'ব এই চুক্তি।
  • ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ কথা নুই কৰিলে হাগ্ৰামা মহিলাৰীয়ে।
  • গঠন হ'ব পাৰে নতুন জিলা আৰু মহকুমা।
  • নাম সলনি নহয়, সম্প্ৰসাৰণ হ'ব পাৰে বিটিচিৰ এলেকা।
  • কেন্দ্ৰৰ পৰা প্ৰত্যক্ষভাৱে বিটিচিয়ে পাব পুঁজি।
  • কিছু বিভাগে লাভ কৰিব বিশেষ ক্ষমতা।
  • কেন্দ্ৰীয় চৰকাৰে অনুদান আগবঢ়োৱা কিছু আঁচনি প্ৰত্যক্ষভাৱে হ'ব ৰূপায়ন।
  • ডিমা-হাচাও, কাৰ্বিআংলঙত থকা বড়ো-কচাৰীয়ে পাব জনজাতিৰ মৰ্যাদা।
  • সলনি নহয় বিটিচিৰ ক্ষমতা আৰু কাৰ্যাৱলী।
  • বড়োলেণ্ডৰ বাহিৰত গঠন হ'ব বড়ো স্বায়িত্ত শাসিত পৰিষদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in