বিশিষ্ট লেখক-সাহিত্যিক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম চিকিৎসাধীন, মুখ্যমন্ত্ৰীক আৰ্থিক অনুদানৰ অনুৰোধ বড়ো সাহিত্য সভাৰ…

বিশিষ্ট লেখক-সাহিত্যিক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম চিকিৎসাধীন, মুখ্যমন্ত্ৰীক আৰ্থিক অনুদানৰ অনুৰোধ বড়ো সাহিত্য সভাৰ…

ডিজিটেল সংবাদ, শিলিগুৰিঃ যোৱা ২৯ ছেপ্টেম্বৰ, ২০১৯ৰ পৰা শিলিগুৰিস্থিত ডাঃ মলয় নিউৰ'লজিকেল হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট বড়ো সাহিত্যিক, কবি, সাহিত্য অকাডেমী বঁটা প্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম। বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ বুধবাৰে চিকিৎসালয়খনত উপস্থিত হয় বড়ো সাহিত্য সভাৰ ৩জনীয়া এটা প্ৰতিনিধিৰ দল।

উল্লেখ্য যে, ছেপ্টেম্বৰৰ প্রথম সপ্তাহৰ পৰাই অসুস্থ হৈ বাসগৃহতেই চিকিৎসাধীন হৈ আছিল ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম। তাৰপাছত ২৯ ছেপ্টেম্বৰত তেওঁৰ স্বাস্থ্য অৱনতি ঘটাত নিশাই পশ্চিমবংগৰ ডাঃ মলয় নিউৰ'লজিকেল হাস্পতালত ভৰ্তি কৰা হয় তেওঁক।

বুধবাৰে বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ দলটোৰ সৈতে হোৱা এক আলোচনাত ডাঃ চক্ৰৱৰ্তীয়ে জনাইছে যে, ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ চিকিৎসাৰ সময় কিছু দীঘলীয়া হ'ব। অৱশ্যে বৰ্তমানলৈ তেওঁৰ চিকিৎসা সঠিকভাৱে চলি আছে।

ইফালে, বড়ো সাহিত্য সভাই তেওঁৰ আশুআৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে বড়ো সাহিত্য সভাৰ তৰফৰ পৰা ব্ৰহ্ম দেৱৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জনোৱা হ'ব আৱেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in