‘ধ্বংসৰ দিশে ১১ জিলাৰ বড়ো মাধ্যমৰ বিদ্যালয়’

‘ধ্বংসৰ দিশে ১১ জিলাৰ বড়ো মাধ্যমৰ বিদ্যালয়’

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যৰ ১১ খন জিলাৰ বড়ো মাধ্যমৰ বিদ্যালয়ক চৰকাৰে ধ্বংসৰ দিশলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ ৰাজ্য চৰকাৰে আজিকোপতি প্ৰাদেশীকৰণ নকৰাৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষক নিযুক্তি নিদিয়াৰো গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে।

উক্ত জিলাকেইখনত নিজাববীয়াকৈ চলোৱা এক জৰীপত বড়ো মাধ্যম বিদ্যালয়ৰ ধোবাংবাং ৰূপ স্পষ্ট ৰূপত ফুটি উঠিছে বুলি দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে। আজি এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী আৰু কোকৰাঝাৰ জিলা সভাপতি জনক উজীৰে ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে সম্প্ৰতি ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহ সমস্যাৰে জৰ্জৰিত বুলি উদ্বেগ ব্যক্ত কৰি কয় যে এবছুৱে অলপতে ৰাজ্যৰ ১১খন জিলাৰ বড়ো মাধ্যমক লৈ এক সমীক্ষা চলাইছিল।

কোকৰাঝাৰ , চিৰাং ,বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি , কাৰ্বি আংলং, গোলাঘাট, গোৱালপাৰা আৰু লখিমপুৰ জিলাত থকা বড়ো মাধ্যমৰ বিদ্যালয়ক লৈ চলোৱা সমীক্ষাই শিক্ষাখণ্ডৰ দায়িত্বহীনতা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। ১১খন জিলাত বড়ো মাধ্যমৰ ৫১৭খন প্ৰাথমিক বিদ্যালয়, ১৪৯খন মধ্য ইংৰাজী  আৰু ১০৩খন উচ্চ মাধ্যমিক বিদ্যালয় অদ্যপি প্ৰাদেশীকৰণ হোৱা নাই বুলি সংবাদমেলত সদৰী কৰে।

বড়ো মাধ্যমৰ বিদ্যালয়ৰ এই কৰুণ অৱস্থাৰ ছবি দাঙি ধৰি এইক্ষেত্ৰত বিটিচি আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে৷ সংবাদমেলযোগে অসম চৰকাৰক শীঘ্ৰে ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়ত খালী হৈ থকা পদসমূহ পূৰণ কৰা, বড়ো মাধ্যমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত বিজ্ঞান, গণিত আৰু হিন্দী শিক্ষক নিযুক্তি দিয়া, বড়ো মাধ্যমৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, ৰাজ্যত প্ৰতি বছৰে নিয়মীয়াকৈ বড়ো মাধ্যমৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা আৰু ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ কৰাকে ধৰি আন কেবাটাও দাবী উত্থাপন কৰে।

সংবাদমেলত এৱছুৱে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যি সময়ত বেটি পঢ়াও বেটি বাচাও শ্লোগান দি আহিছে সেই সময়ত অসমৰ বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ দিশে ঠেলি দিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে৷ এবছুৰ সঁজাতি দল এটিয়ে বড়ো মাধ্যমৰ বিদ্যালয়ৰ সমস্যা সমাধানৰ দাবীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক শীঘ্ৰেই সাক্ষাৎ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে। তদুপৰি শিক্ষাৰ অধিকাৰ আইনক চৰকাৰে অংগুষ্ঠ দেখুওৱা বুলি অভিযোগ কৰি এবছুৱে চলিত আগষ্টৰ ভিতৰত বড়ো মাধ্যমৰ বিদ্যালয়ৰ সমস্যা সমাধান নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব বুলিও সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in