ইউ. এন. একাডেমীত বড়ো বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ শুভাৰম্ভ

ইউ. এন. একাডেমীত বড়ো বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ৰাজ্যৰ চুকে-কোণে কাঠফুলাৰ দৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ আগ্ৰাসনে মাতৃ ভাষা মাধ্যম বিশেষকৈ বড়ো মাধ্যমৰ লগতে অসমীয়া মাধ্যম বিদ্যালয়সমূহলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে প্ৰত্যাহ্বানকো নেওচি বড়ো মাধ্যম শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যৰে ২০০৩ চনত কোকৰাঝাৰ চহৰত প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইউ.এন.একাডেমীয়ে শৈক্ষিক ক্ষেত্ৰখনত সুফল প্ৰদৰ্শন কৰি নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷

বড়ো মাধ্যমত মুকুল শ্ৰেণীৰ পৰা স্নাতক মহলালৈ শিক্ষা প্ৰদান কৰি অহা ইউ.এন.একাডেমীয়ে চলিত বৰ্ষৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰো শুভাৰম্ভ কৰিছে৷ কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা চন্দ্ৰপাৰাৰ বিজুলীবাৰিস্থিত ইউ. এন. একাডেমীৰ পশ্চিম চৌহদত আজি এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে পোন প্ৰথম বাৰৰ বাবে বড়ো বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ শুভাৰম্ভ কৰা হয়৷

নতুনকৈ শুভাৰম্ভ কৰা স্নাতকোত্তৰ শ্ৰেণীৰ শুভ উদ্বোধন কৰে বড়োলেন্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডা°শেখৰ ব্ৰহ্মই৷ ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস(ইউএনবিটি)ৰ অধ্যক্ষ তথা ছেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা°সুবুং বসুমতাৰীয়ে আৰু বডোফালৈ পুস্পাঞ্জলি অৰ্পণ কৰে বড়োলেন্ড বিশ্ববিদ্যালয়ৰ চিডিচিৰ সঞ্চালক ডা° দীননাথ বসুমতাৰীয়ে৷ উদ্বোধনী অনুষ্ঠানৰ পিচতে ইউ.এন.একাডেমীৰ সঞ্চালক কৃঞ্চ গোপাল বসুমতাৰীয়ে আঁত ধৰা  আৰু ইউ.এন.একাডেমী বোৰ্ডৰ অধ্যক্ষ উৰ্খাউ গৌড়া ব্ৰহ্মৰ সভাপতিত্বত এক সভাৰ আয়োজন কৰা হয়৷

উক্ত সভাতেই ইউ.এন.একাডেমী মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° অৰুণ কুমাৰৰ আদৰণি ভাষণৰ জৰিয়তে আৰম্ভ হোৱা সভাত বড়োলেন্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত  ইউ. এন. একাডেমীৰ পৰা সৰ্বপ্ৰথমে বি.এ আৰু বি. এছ. চি. ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ সাংবাদিকেৰে হোৱা এক মুখামুখিত ইউ. এন. একাডেমীৰ সঞ্চালক কৃঞ্চ গোপাল বসুমতাৰীয়ে জানিব দিছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয় হোৱা সত্বেও ইউ. এন. একাডেমীয়ে ৰাইজৰ পৰা আশানুৰুপ আৰু উৎসাহজনক সহাঁৰি লাভ কৰিছে৷

আজি শুভাৰম্ভ কৰা স্নিতকোত্তৰ শ্ৰেণীত  মুঠ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তিৰ সুবিধা আছে যদিও ইতিমধ্যে ৩৫ গৰাকীয়ে নাম ভৰ্তিৰ বাবে আবেদন জনাইছে৷বিটিএডিৰ চাৰি জিলাৰ উপৰিও ৰাজ্যখনৰ মুঠ ১৩ খন জিলাত থকা ৮০ খনতকৈও অধিক  ইউ.এন.একাডেমীত প্ৰায় ১৬ হেজাৰোধিক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে৷

লগতে ২০২২ চনৰ ভিতৰত ইউ. এন. একাডেমীক এখন স্বতন্ত্ৰ পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে বুলিও বসুমতাৰীয়ে জানিব দিছে৷ সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষদ্বয় ক্ৰমে সুৰথ নাৰ্জাৰী, ডা° বিনয় কুমাৰ ব্ৰহ্মসহ কেবা গৰাকী বক্তাই ছাত্ৰ-ছাত্ৰীৰ মাজত উৎসাহ-উদ্দীপনামুলক বক্তব্য আগবঢ়ায়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in