মিহিনিশ্বৰ বসুমতাৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ গঠন হ’ল ১৪ জনীয়া বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদ…

মিহিনিশ্বৰ বসুমতাৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ গঠন হ’ল ১৪ জনীয়া বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদ…

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্যখনৰ ২১ খন জিলাৰ দহ লক্ষাধিক বড়ো জনতাৰ উন্নয়নৰ লক্ষ্যৰে মিহিনিশ্বৰ বসুমতাৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ গঠন হ'ল ১৪ জনীয়া বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদ ৷ উল্লেখ্য যে স্বায়ত্ব শাসিত পৰিষদ প্ৰাপ্তিৰ গণতান্ত্ৰিক আন্দোলনৰ সমুখৰ পৰা নেতৃত্ব দি অহা মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীৰ বৰ্ণিল জীৱনৰ ওপৰত চলিছে সৰব আলোচনাই ৷ একালৰ শিক্ষক, দুৰ্ধৰ্ষ বি এল টি'ৰ কেডাৰৰ পৰা সদ্যগঠিত পৰিষদৰ মুখ্য কাৰ্যবাহীলৈ উৰ্ধমুখী যাত্ৰা কিদৰে সম্ভৱ হ'ল ইয়াকেলৈ ৰাইজৰ মাজত উত্থাপন হৈছে অলেখ প্ৰশ্ন ৷

বহু উত্থান-পতন আৰু ঘাত-প্ৰতিঘাতৰ মাজেৰে এই অৱস্থাত উপনিত হৈছে একালৰ শিক্ষক তথা সশস্ত্ৰ বিল্পৱী মিহিনিশ্বৰ বসুমতাৰী ওৰফে জাৰিমীন নাৰাজাৰী ৷ চিমেন চাপৰি সানজাৰী নৌগৰ নিবাসী বসুমতাৰীয়ে ১৯৮৩ চনত এচ বি বড়ো হাইস্কুলৰ পৰা মেট্ৰিক আৰু পৰৱৰ্তী সময়ত বঙাইগাওঁ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ অত্যন্ত নম্ৰ, পৰোপকাৰী,অমায়িক তথা মেধা সম্পন্ন লোকজনে স্নাতক উত্তীৰ্ণ হৈ একালত অধ্যয়ন কৰা বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে চাকৰিত যোগদান কৰে ৷

পিছে বঞ্চিত নিষ্পেষিত জনগণৰ সমস্যা চিন্তি উজাগৰী নিশা কটোৱা লোকজনে সমস্যা বহুল সমাজৰ হকে নিজা চাকৰি ত্যাগী যোগদান কৰে সশস্ত্ৰ সংগঠন বি এল টি'ত ৷ দুৰ্ধৰ্ষ কেডাৰ হিচাপে বিভিন্ন অঞ্চলত কৰ্ত্তব্যৰ অন্তত চৰকাৰে এন এচ এ'ৰ অধীনত গ্ৰেপ্তাৰ কৰি ডেৰ বছৰ কাৰাবাস দিয়ে ৷ ইয়াৰ পিছতে সম্পন্ন বড়ো চুক্তিৰ পিছত বহু কেডাৰে মূল সূঁতিলৈ উভতি আহি স্বাভাৱিক জীৱন আৰম্ভ কৰে ৷ পিছে শান্তিৰে শুই নোৱাৰিলে মিহিনিশ্বৰে ৷ নিপীড়িত বঞ্চিত প্ৰবঞ্চিত জনগণৰ উদ্ধাৰৰ আশা বুকুত বান্ধি চাকৰি পৰ্যন্ত ত্যাগ কৰি শসস্ত্ৰ সংগঠন কৰা লোকজনে ৰাইজৰ আধৰুৱা সপোন পূৰণৰ বাবে পুনৰবাৰ চিন্তাৰম্ভ কৰিলে ৷

সানজাৰী নৌগৰত প্ৰাক্তন বি এল টি কাৰ্যালয়তে একালৰ সংগ্ৰামী সতীৰ্থ আৰু শুভাকাংক্ষীক একত্ৰিত কৰি গঠন কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ আৰু বড়ো গণ মঞ্চ ৷ বিভিন্ন মৌলিক সমস্যাৰ লগতে বি টি এ ডিৰ বাহিৰৰ দহলক্ষ লোকৰ উত্তৰণৰ বাবে এক সুকীয়া স্বায়ত্ব পৰিষদৰ দাবী জনাই আৰম্ভ কৰে নিৰবিছিন্ন আন্দোলন ৷

অৱশেষত মিহিনিশ্বৰৰ সবল নেতৃত্ব আৰু ত্যাগৰ বাবেই অৱশেষত গণ সংগ্ৰাম কৃতকাৰ্য হ'ল ৷ বি টি এ ডিৰ বাহিৰৰ দহ লক্ষাধিক ৰাইজৰ বাবে গঠন হল বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ ৷ সমস্যা বহুল ৰাইজৰ বাবে জীৱন উৎসৰ্গা কৰা ভাৱমুৰ্তিৰ তথা জনপ্ৰিয় ব্যক্তি মিহিনিশ্বৰৰ নেতৃত্ব জনতাৰ সপোন বাস্তৱ হব বুলি ৰাইজৰ প্ৰত্যাশা ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in