বিদেশত নহয়, গুৱাহাটীত ববিতা শৰ্মাই বিচাৰি ফুৰিছে আপোন মানুহ…

বিদেশত নহয়, গুৱাহাটীত ববিতা শৰ্মাই বিচাৰি ফুৰিছে আপোন মানুহ…

গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৩ এপ্ৰিলত। এই সন্মানীয় সমষ্টিটোৰ পৰা কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ববিতা শৰ্মাক। এতিয়া তেওঁ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনক লৈ প্ৰত্যাশা কি? 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণৰ সৈতে ববিতা শৰ্মাৰ বিশেষ বাৰ্তালাপ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ নমস্কাৰ। আপোনাক গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু আপুনি এই নিৰ্বাচনত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবিছে?

ববিতা শৰ্মাঃ চাওঁক মূল প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে, দলে এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি ৰাইজৰ ওচৰলৈ গৈছো। এতিয়া ৰাইজে বিচাৰ কৰিব যে এই সমষ্টিটোত কোন গৰাকী প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচিত কৰিব। সেয়েহে ভাবো ৰাইজেই সকলো নিৰ্ণয় কৰিব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দেখা পোৱা গৈছে এইবাৰ লোকসভা নিৰ্বাচনক লৈ যথেষ্ট বিতৰ্ক হৈছে। প্ৰাৰ্থীসকলৰ মাজৰ সৌজন্যতাবোধো নথকা বুলি একাংশ মহলত আলোচনা হৈছে। কিন্তু তাৰ মাজতে বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু আপোনাৰ মাজত সমষ্টিটোত নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ব্যক্তগত আক্ৰমণ কৰা হোৱা দেখা পোৱা নাই। গণতন্ত্ৰত এয়া অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে এনে এটা সুস্থ বাতাবৰণেৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথত আগবাঢ়িছে। তথাপিও বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আপুনি জনসাধাৰণক আকৰ্ষণ কৰিব পৰাকৈ মূল ইছ্যু কি? আপুনি কিয় ভাবে যে জনসাধাৰণে বিজেপিক ভোট দিব নালাগে?

ববিতা শৰ্মাঃ মই ভাবো ৰাজনীতিত সদায় সৌজন্যতা ৰাখি কাম কৰিব লাগে। কাৰণ আমি সকলোৱে ৰাইজৰ সেৱাৰ বাবেহে আহিছো, কাৰো ব্যক্তিগত লাভালাভৰ বাবে ৰাজনীতিলৈ অহা নাই। গতিকে মই ভাবো যে কোনো লোকক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ প্ৰয়োজন নাই। কিন্তু আমি আইডল'জিকেল বিষয়ত যুঁজ দিম। সেই সন্দৰ্ভত আমি যুঁজ দি যাব লাগিব। আৰু মই ভাবো বিজেপিয়ে যি প্ৰতিশ্ৰুতি দি আহিছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমত আহি কৈছিল যে তেওঁলোকে বিদেশী মুক্ত অসম গঢ়িব। কিন্তু তাৰবিপৰীতে তেওঁলোকে ওলোটা খৰ মাৰিলে। তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি কৈ বিদেশীক ৰঙা দলিচা পাৰি দিলে। লগতে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। যিবোৰ বিজেপি চৰকাৰৰ সময়ত ১০০০ টকা, সেয়া কংগ্ৰেছৰ সময়ত ৪০০ টকা আছিলে। বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ৰাইজক যি প্ৰতিশ্ৰুতি দিয়ে সেয়া নিৰ্বাচনত জয়ী হ'বলৈহে কয়। কিন্তু কংগ্ৰেছে ইস্তাহাৰত যি লিখে বা কোনো কথা কয় তাৰ মূল্য আছে। আপোনালোকে যদি চাই, কংগ্ৰেছৰ ইস্তাহাৰত যি লিখা আছে, সেয়া আমি আখৰে আখৰে পালন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰি আহিছো আৰু কৰি থাকিম। কাৰণ আমি সেইটোক মূল্য দিওঁ যে জনসাধাৰণে কি বিচাৰিছে। দুই এটা ব্যক্তিগত কথা থাকিব। প্ৰাৰ্থী এজন যোগ্য হয় নে নহয় সেইবোৰ কথা থাকিব। কিন্তু মূল্য ইছ্যুবোৰ সামাজিক হ'ব ৰাইজৰ হ'ব। চৰকাৰ এখন থাকে ৰাইজৰ লাভৰ বাবে। ৰাইজৰ হিতৰ বিপৰীতে কাম কৰিবলৈতো নাথাকে। এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে বিচাৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এই বিধেয়ক বিচৰা নাই। তাৰপাছতো বিজেপিয়ে এই বিধেয়ক আনিব বিচাৰিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ গুৱাহাটী সমষ্টিতো বহু সমস্যা আছে। আপুনি যদি সাংসদ হিচাপে নিৰ্বাচিত হয়, তেতিয়া গুৱাহাটী লোকসভা সমষ্টিৰ বাবে আপুনি কৰিব লগা প্ৰথমটো কাম কি হ'ব?

ববিতা শৰ্মাঃ চাওঁক প্রথম বুলি নহয় কৰিবলৈ বহু কাম আছে। যদি মই গুৱাহাটী সমষ্টিৰ কথা কওঁ তেন্তে ইয়াত প্ৰথমটো সমস্যা হৈছে খোৱাপানী। এই সমষ্টিটোৰ সকলোৱে পানী কিনি খাব লগা হৈছে। ইয়াত ব্ৰহ্মপুত্ৰ নদীখন গাতে লাগি আছে, তথাপিও পানীৰ অভাৱ। আমাৰ চৰকাৰ থকা সময়তে জাইকা প্ৰজেক্টৰ কাম আৰম্ভ কৰা হৈছিলে। কিন্তু আজি পৰ্যন্ত কিয় ইয়াৰ কাম সম্পূৰ্ণ হোৱা নাই। চৰকাৰ সলনি হ'লেই যে কামবোৰ ৰৈ থাকিব সেইটো শুদ্ধ নহয়। আগৰ চৰকাৰৰ সময়ত আৰম্ভ হোৱা কামবোৰ কিয় নতুন চৰকাৰে আগবঢ়োৱা নাই বা কি গাফিলতি হৈছে সেই সন্দৰ্ভত আমি চাব লাগিব। যদি মই জয়ী হওঁ, তেন্তে সাংসদ হিচাপে মই চাম যে কি হৈছে বা নাই হোৱা। আৰু তাৰোপৰি গুৱাহাটী সমষ্টিত কৃত্ৰিম বানৰ সমস্যাটো আছে। মই এই সন্দৰ্ভত পাৰ্যমানে কাম কৰিম। তাৰোপৰি গৰাখহনীয়াৰো কাম আছে। কেৱল গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নহয়, সমগ্ৰ অসমতে গৰাখহনীয়া হয়…।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ এখন বিশেষ ধাৰাবাহিক 'বিদেশত আপোন মানুহ'ৰ দ্বাৰা সমগ্ৰ বিশ্বতেই আপোনাৰ এক পৰিচয় গঢ় লৈ উঠিছিল। কিন্তু ৰাজনীতি ক্ষেত্ৰখনত যদি চোৱা যায়, আপুনি পূৰ্বে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিশেষ সফলতা লাভ নকৰিলে। পৰৱৰ্তী সময়ত দলে আপোনাক গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। এই সমষ্টিটোৰ বাবে কংগ্ৰেছৰ দলৰ পৰা বহুতে টিকট বিচাৰিছিল। কিন্তু অৱশেষত আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল। দেখা পোৱা গৈছে যে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যিধৰণে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে কৰা নাই। আপুনি কি অনুভৱ কৰে?

ববিতা শৰ্মাঃ চাওঁক এইটো সমষ্টি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অনুষ্ঠিত হ'ব। প্রথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সমষ্টিসমূহক লৈ তেওঁলোক ব্যস্ত হৈ আছে। কিন্তু এতিয়া আপুনি দেখিছে যে ৰিপুন গগৈ ডাঙৰীয়কে ধৰি শীৰ্ষ নেতৃত্বই নিজাববীয়াকৈ সভাত ব্যস্ত হৈছে। আৰু মই ভাবো ডাঙৰ ডাঙৰ সভা-সমিতি কৰাতকৈ সৰু সৰু সভা-সমিতিৰেই ৰাইজৰ মাজত সোমাই যাব লাগে…।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেন্দুকোণাত কিছুদিন পূৰ্বে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিলে। কিন্তু ৰাষ্ট্ৰীয় স্তৰৰ নেতৃত্বই ইয়াত তেনে বিশাল সভাত অংশ লোৱা দেখা পোৱা নাই।

ববিতা শৰ্মাঃ আমি ডাঙৰ সভা এতিয়ালৈকে কৰা নাই গুৱাহাটীত। আমি সৰু সৰু সভাবোৰেই কৰিছো। আৰু গুৱাহাটীত কুইন ওজাৰ বাবেও মই কোনো সভা দেখা নাই এতিয়ালৈকে। মঙলদৈত কৰিছে, কিন্তু গুৱাহাটীত কৰা নাই।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দেখা পোৱা যায় যে গুৱাহাটীৰ আনটো ডাঙৰ সমস্যা হৈছে কৃত্ৰিম বান। এই সমস্যা সমাধান হোৱা নাই। কংগ্ৰেছ ১৫ বছৰ শাসনত আছিলে। কিন্তু কংগ্ৰেছ চৰকাৰে এই সমস্যা সমাধান কৰিব নোৱাৰিলে, কিন্তু আপুনি সাংসদ হিচাপে এইবোৰ সমস্যা সমাধান কৰিব পাৰিম বুলি ভাবেনে?

ববিতা শৰ্মাঃ মই কোৱা নাই যে, মই অকলেই সকলো সমাধান কৰিম। মই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা চলাম। আৰু যেতিয়া মই বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলো তেতিয়া মোৰ ইস্তাহাৰত প্ৰথমেই কৃত্ৰিম বান সমাধানৰ কথা আছিল। এতিয়া চাওঁক জি এম চি, জি এম ডিৰ মাজত কৰ্ডিনেশ্যন নহ'লে এইবোৰ সমস্যা সমাধান হ'ব নোৱাৰে। এই সমস্যাবোৰ সমাধানৰ বাবে বিধায়ক, সাংসদ, মন্ত্ৰী, বিষয়া সকলোৱে মিলি কাম কৰিব লাগিব। আৰু একেলগে মিলি কাম কৰিবলৈও দক্ষতা লাগে…।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপুনি নিৰ্বাচনী প্ৰচাৰত মাজত এটা আহ্বান জনাইছিল যে- নিৰ্দলীয় প্ৰাৰ্থীক ভোট দি আপোনালোকৰ ভোট নষ্ট নকৰিব। আপুনি নিজৰ বাবে আহ্বান জনালে যে ভোট দিয়ক, কিন্তু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক ভোট নিদিবলৈ আহ্বান জনালে। যি আহ্বান জনাইছিল, সেয়া কিমান যুক্তিপূৰ্ণ বুলি আপুনি ভাবে?

ববিতা শৰ্মাঃ যুক্তিপূৰ্ণ বুলিয়ে ভাবো। মই মোৰ বাবে ভোট বিচাৰিমেই। প্ৰায় ২১লাখ মানুহ থকা এই সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী এজন কেনেকৈ জয়ী হ'ব? সেয়াটো সম্ভৱেই নহয়। গতিকে নিৰ্দলীয় প্ৰাৰ্থী সকলক ভোট দি ভোটটো নিষ্ট কৰাহে হয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপুনি কৈছে নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে। কিন্তু শেহতীয়াকৈ কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱা উদাহৰণ আছে।

ববিতা শৰ্মাঃ থাকিব পাৰে। কিন্তু ইয়াত ইমান শক্তিশালী নহয় এজন নিৰ্দলীয় প্ৰাৰ্থী। গতিকে মই ভাবো সেইটো সম্ভৱ নহয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপুনি গুৱাহাটী সমষ্টিৰ বিভিন্ন ঠাইলৈ গৈছে, বিভিন্ন জনক লগ পাইছে। আপুনি নিশ্চয় বুজিছে যে নিৰ্বাচনৰ ফলাফল কি হ'ব। কিন্তু বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত লিখিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবই। ই কেনেধৰণে প্ৰভাৱ পেলাইছে ৰাইজৰ মাজত?

ববিতা শৰ্মাঃ হয় প্ৰভাৱ পেলাইছে। যদিও বহুজন ক'ব বিচাৰে যে সৰ্বসাধাৰণে গম নাপায়, কিন্তু সকলোৱে কম পায়। আৰু আমি এবছৰ ধৰি এই বিধেয়কৰ বিৰুদ্ধে সকলোতে প্ৰতিবাদ কৰি আহিছো। তদুপৰি বহু দল-সংগঠনে আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধীৰ লগত মিলিত হৈছে আৰু এই সন্দৰ্ভত অৱগত কৰিছে। তেওঁ আমাৰ নিৰ্বাচনী ইস্তাহাত এই বিধেয়ক আনিব নিদিও বুলিও কৈছে। কিন্তু বিজেপিয়ে এই বিধেয়কখন আনিব বিচাৰিছে…। কিন্তু নিৰ্বাচনত বিজেপি-অগপৰ স্থিতি জানিও যদি ৰাইজে ভোট দিয়ে, তেন্তে তাতকৈ বেছি দেশৰ প্ৰতি প্ৰতাৰণা কিবা হ'ব পাৰে বুলি মই নাভাবো। অসমৰ ৰাইজৰ লগতে নৱপ্ৰজন্মৰ ভৱিষ্যতৰ দায়িত্ব অসমবাসীৰেই হাতত আছে। গতিকে তাৰপাছতো যদি বিজেপিক ভোট দিয়ে তেন্তে ইয়াতকৈ বেছি দুৰ্ভাগ্যজনক আৰু একোৱেই হ'ব নোৱাৰে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দেখা পোৱা গৈছে যে ৰাহুল গান্ধীৰ বিপৰীতে প্ৰিয়ংকা গান্ধীয়ে বিশেষ আলোড়নৰ সৃষ্টি কৰিছে উত্তৰপ্ৰদেশত। আৰু কেৱল উত্তৰপ্ৰদেশ বুলিয়েই নহয় তেওঁ য'লৈকে গৈছে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে। আপুনি বৰ্তমান ৰাহুল গান্ধী নে প্ৰিয়ংকা গান্ধীক দলটোৰ নেতা হিচাপে বেছি সবল বুলি ভাবে?

ববিতা শৰ্মাঃ চাওঁক ৰাহুল গান্ধী আমাৰ নেতা। আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁক সহযোগ দিবলৈ আহিছে। দুয়োকে আমি বেলেগ বুলি নাভাবো। দুয়োগৰাকী নেতাই সমান।…

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ৰাজনীতিত নাৰীৰ অংশগ্ৰহণক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে প্রশ্ন উত্থাপন হৈ আহিছে। কিন্তু ৰাজনীতিত নাৰীক যিধৰণে স্থান দিব লাগে সেই ধৰণে দিয়া দেখা পোৱা নাই। কংগ্ৰেছে শিলচৰ আৰু গুৱাহাটীত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। কিন্তু ৩৩ শতাংশ হাৰত কমেও ৩টা সমষ্টিত মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিছিল। ৰাজনীতিত ৰাজনৈতিক দলবোৰে নাৰীক বিশেষ গুৰুত্ব নিদিয়ে নেকি?

ববিতা শৰ্মাঃ যোৱাবাৰ নিৰ্বাচনত তিনিগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু এইবাৰ দুগৰাকী দিলে। কিন্তু দুগৰাকী দিয়াটোও ডাঙৰ কথা। নাৰীৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰাজ্যসভাত আমি বিল পাছ কৰাইছিলো যদিও, লোকসভাত বিজেপিয়ে পাছ নকৰিলে।…কিন্তু মোডী চৰকাৰক মই গৰিহনা দিওঁ যে সংখ্যা গৰিষ্ঠতা থকা স্বত্তেও তেওঁলোকে এই বিলখন পাছ নকৰিলে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপুনি কিমান ভোটত জয়ী হ'ব বুলি আশা কৰিছে?

ববিতা শৰ্মাঃ মই বিপুল ভোটত জয়ী হম বুলি আশা কৰিছো। ৰাইজৰ মাজলৈ মই গৈছো, তেওঁলোকে মোক আকোৱালি লৈছে।…

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ।

ববিতা শৰ্মাঃ ধন্যবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in