বিহপুৰীয়াত ১৮ গৰাকী শিক্ষাৰ্থী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনা…

বিহপুৰীয়াত ১৮ গৰাকী শিক্ষাৰ্থী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনা…

ডিজিটেল সংবাদ বিহপুৰীয়াঃ বিহপুৰীয়াৰ ডিক্ৰঙত ভয়ংকৰ নাও দুৰ্ঘটনা। নদীৰ মাজত বুৰ গ'ল ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া টুলুঙা নাও ৷ নাওঁখনত আছিল দেবেচুথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ বিদ্যালয়ত অনুষ্ঠিত এখন সম্বৰ্দ্ধনা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল ঘৰলৈ ওভটাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰী সকল ৷ বিগত সময়ছোৱাত স্থানীয় বিধায়কসকলক এখন ডাঙৰ নাওঁ বিচাৰি আবেদন জনাই আহিছিল বিদ্যালয় কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in