শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ চান্দোৱাল পাৰাৰ এজন যুৱকৰ বিবাহে বৃহস্পতিবাৰে মঙলদৈত বিশেষ চৰ্চা লাভ কৰিছে। য’ত বিয়াৰ দৰাই অতিথিক আপ্যায়ন কৰাৰ সলনি ব্যস্ত ৰক্তদানত ৷ ৰভাৰ তলিতে পাতিছে ৰক্তদান শিবিৰ। অকল দৰাই নহয় দৰাৰ আত্মীয়ৰ লগতে বন্ধুবৰ্গইও সহযোগ কৰিছে এই ৰক্ত দানত। দৰাৰ নাম ফণীন্দ্ৰ ডেকা। ইয়াৰ পূৰ্বে ফণীদ্ৰই কেইবাজনো ৰোগীক ৰক্তদান কৰিছে। বিবাহৰ ৰভা তলিৰ এই ৰক্ত দান শিবিৰত দৰাকে ধৰি মুঠ ২২ জন দাতাই ৰক্ত দান কৰে।

“ইউনিটি উই ডা ব্লাড ডোনাৰ” নামৰ স্বেচ্ছাসেৱী ৰক্তদাতা সংস্থাৰ সদস্য এইজন দৰাই নিজ বাসগৃহতেই বিবাহৰ দিনা ৰক্তদানৰ সজাগতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।