ইণ্ডোনেছিয়াত বিস্ফোৰণত আহত ২ জোৱান…

ইণ্ডোনেছিয়াত বিস্ফোৰণত আহত ২ জোৱান…

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত মঙলবাৰে পুৱাই সংঘটিত হ'ল ভয়ংকৰ বিস্ফোৰণ। পুৱা প্ৰায় ৭.০৫ বজাত সংঘটিত এই বিস্ফোৰণত দুগৰাকী সেনাবাহিনীৰ জোৱান আহত হৈছে। ইণ্ডোনেছিয়াৰ নেশ্যনেল মনোমেন্ট পাৰ্কত সংঘটিত এই বিস্ফোৰণৰ স্থানৰ পৰা কিছু নিলগতে অৱস্থিত ইণ্ডোনেছিয়াৰ গৃহমন্ত্ৰীৰ বাসগৃহ।

ইতিমধ্যে সেই স্থানত গ্ৰেণেড বিস্ফোৰণ হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও ঘটনাৰ তদন্ত অব্যাহত আছে। আহত ২ জোৱানক ভৰ্তি কৰা হৈছে গেলট সুব্ৰতা আৰ্মি হাস্পতালত। পুৱা প্ৰাতঃভ্ৰমণলৈ অহাৰ সময়তে বিস্ফোৰণত আহত হয় ২ জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in