ডিমৌৰ পিছত এইবাৰ ওদালগুৰিৰ ৰেলত বিস্ফোৰণ, হতাহত ১০ জনৰো অধিক

ডিমৌৰ পিছত এইবাৰ ওদালগুৰিৰ ৰেলত বিস্ফোৰণ, হতাহত ১০ জনৰো অধিক

ডিজিটেল সংবাদ, ওদালগুৰিঃ উজনি অসমৰ ডিমৌৰ পিছত এইবাৰ নামনি অসমত সংঘটিত হৈছে বিস্ফোৰণ। নামনি অসমৰ ওদালগুৰি জিলাৰ হৰিশিঙাত শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত হয় বিস্ফোৰণ।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ৰেলখনৰ ৪ নম্বৰ দবাটোৰ ওপৰৰ অংশ এৰুৱাই লৈ যায়। বয়-বস্তু থোৱা ৰেকত থকা এটি বেগৰ ভিতৰত বোমাটো ৰখা হৈছিল বুলিও এজন প্ৰত্যক্ষদৰ্শীয়ে জনাইছে।

প্ৰচণ্ড শব্দ কৰি দবাটোত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ৰেলখনত হুৱা-দুৱা লাগে। লগে লগে ৰেলখন হৰিশিঙাতে ৰখাই দিয়া হয়। আন দবাটো বোমা থকাৰ সন্দেহত প্ৰতিজন যাত্ৰী আংতিকত হৈ ৰেলখনৰ পৰা নামি দিয়ে।

ইফালে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ওদালগুৰি আৰক্ষী। আৰক্ষীয়ে আন দবাবোৰতো বোমা ৰখা হৈছে নেকি সেয়া পৰীক্ষা কৰে। বাতৰি লিখা পৰলৈকে ৰেলখন হৰিশিঙাতে ৰখাই থোৱা হৈছে।

সম্প্ৰতি উক্ত পথছোৱাৰে ৰেল চলাচল ব্যাহত হৈ পৰিছে। ঘটনাস্থলীলৈ ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে সেনাৰ বোমা বিশেষজ্ঞৰ দলো ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

ৰেলখনৰ কেবাগৰাকী যাত্ৰীয়ে জনোৱা মতে বিস্ফোৰণৰ ফলত উক্ত দবাটোত থকা ৩জনকৈ যাত্ৰী আহত হৈছে। ইয়াৰে এজনক ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে। আন একাংশ লোকে ১৪জনকৈ যাত্ৰী আহত হোৱা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে যদিও এই পৰ্যন্ত হতাহত লোকৰ সংখ্যৰ বিষয়ে নিশ্চিত তথ্য জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উজনি অসমৰ ডিমৌত এক ব্যৱসায়িক প্ৰতিষ্ঠানত আলফা স্বাধীনে সংঘটিত কৰা বিস্ফোৰণত দুজনকৈ লোক নিহত হৈছিল। ইয়াৰ পিছত এইবাৰ নামনিৰ ওদালগুৰিত ৰেলত বিস্ফোৰণ সংঘটিত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

বিশেষকৈ জিলাখনৰ পৰা একাধিক যুৱক-যুৱতী আলফা স্বাধীনত যোগ দিয়া বুলি খবৰ প্ৰকাশিত হোৱাৰ পিছত এই বিস্ফোৰণৰ সৈতে বিদ্ৰোহী সংগঠনটোৰ কোনো সম্পৰ্ক আছে নেকি বুলিও ভিন্নজনে সন্দেহ প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে এই পৰ্যন্ত কোনো সংগঠনে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in