তৃণমূলৰ কাৰ্যালয়ত বিস্ফোৰণ, বিজেপিলৈ আঙুলি বংগৰ শাসক দলৰ

তৃণমূলৰ কাৰ্যালয়ত বিস্ফোৰণ, বিজেপিলৈ আঙুলি বংগৰ শাসক দলৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ভাৰত বন্ধৰ দিনাই বিস্ফোৰণত কপি উঠিল পশ্চিমবংগৰ বীৰভূম। এই বিস্ফোৰণত পলকতে ধ্বংসস্তুপত পৰিণত হয় তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়।

সোমবাৰে পুৱা প্ৰায় ১০ বজাত বীৰভূমৰ খয়ৰাছোলস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত সংঘটিত হয় এই বিস্ফোৰণ। অৱশ্যে বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইফালে এই বিস্ফোৰণক লৈ বিজেপি আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। বিজেপিয়ে মমতা বাহিনীয়ে দলীয় কাৰ্যালয়ত বিস্ফোৰক মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে তৃণমূলৰ নেতাসকলে এয়া বিজেপিৰ কাণ্ড বুলি দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in