‘নীলা শিয়াল’ নহয়! বৰপেটাত ওলাল ‘ক’লা শিয়াল’

‘নীলা শিয়াল’ নহয়! বৰপেটাত ওলাল ‘ক’লা শিয়াল’

ডিজিটেল সংবাদ, বৰপেটাঃ ক'লা শিয়াল দেখিছেনে? যদি দেখিছিল কিমান বছৰ আগতে দেখিছিল বাৰু? ৰঙা শিয়ালেই দেখিবলৈ নাই তাতে আকৌ ক'লা শিয়াল।

প্ৰকৃতি প্ৰেমীসকলৰ বাবে সুখৰ খবৰ এয়ে যে দুষ্প্ৰাপ্য প্ৰজাতিৰ ক'লা শিয়ালৰ সন্ধান পোৱা গৈছে বৰপেটা চহৰত। চহৰখনৰ কাষেৰে বৈ যোৱা নখান্দা নৈৰ পাৰৰ বনাঞ্চলত কিছুদিন পূৰ্বে স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল এটা ক'লা শিয়াল। প্ৰত্যক্ষদৰ্শীসকলে দুষ্প্ৰাপ্য জন্তুটো সামান্যভাৱে আঘাতপ্ৰাপ্ত বুলি জানিবলৈ দিয়াত একাংশ প্ৰকৃতিপ্ৰেমীয়ে বন বিভাগৰ সহযোগত উদ্ধাৰৰ চেষ্টা চলায়।

উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত জন্তুটোৰ চিনাক্তকৰণ আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীস্থিত অসমৰ ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয়। চিৰিয়াখানালৈ প্ৰেৰণৰ পিছত শিয়ালটোক পুনৰ নখান্দা বনাঞ্চললৈ ঘূৰাই অনা নহয় বুলি ধাৰণা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰমীসকলে।

অৱশেষত বৰপেটাবাসীৰ অনুৰোধত তথা দুষ্প্ৰাপ্য জন্তুটোক মুক্তভাৱে বিচৰণৰ সুযোগ দিবৰ বাবেই বন বিভাগে চিকিৎসাৰ অন্তত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা ক'লা শিয়ালটোক চিনাক্তকৰণৰ বাবে ডিএনএ নমুনা সংগ্ৰহ কৰি বৰপেটা বন সংমণ্ডলৰ বীট অফিচাৰ বনজিৎ দাস আৰু তেওঁৰ সহকৰ্মীসকলে ৰাজ্যিক চিৰিয়াখানাৰ পৰা নখান্দালৈ ওভতাই আনে।

ওভতাই অনাৰ পিছত ক'লা শিয়ালটোক বৰপেটা বন সংমঞ্চলৰ বন বিষয়া জি এন অধিকাৰীৰ উপস্থিতিত নখান্দাৰ বনাঞ্চলত মুকলি কৰি দিয়ে।উল্লেখ্য যে উক্ত ক'লা শিয়ালটোক ২০১৪ চনতেই প্ৰত্যক্ষ কৰিছিল ফটোগ্ৰাফাৰ তথা প্ৰকৃতিপ্ৰেমী কুন্তল দাস, হেদায়েত উল্লাহ আৰু ৰেজাউল কৰিমে।

ইফালে ক'লা শিয়ালৰ দৰে দুষ্প্ৰাপ্য জন্তু উদ্ধাৰ হোৱাৰ পিছতে সত্ৰনগৰী বৰপেটাৰ ঐতিহ্য বহনকাৰী নখান্দা নৈৰ পাৰত থকা বনাঞ্চলখন সংৰক্ষণ কৰিবলৈ দাবী জনাইছে বৰপেটাবাসী ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in