ক’লা পতাকা প্ৰদৰ্শন! মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কি প্ৰতিক্ৰিয়া…

ক’লা পতাকা প্ৰদৰ্শন! মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কি প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, গুৱাহাটীঃ হাইলাকান্দিত বৃহস্পতিবাৰে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ একাংশ প্ৰতিবাদকাৰীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কে'বাখনো কাকতত এই সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ আশ্চৰ্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে কয় যে যিসকল প্ৰতিবাদকাৰীয়ে ক'লা পতাকা দেখুৱাইছিল, সেইসকলে প্ৰকৃততে কোনো ৰাজনৈতিক পাকচক্ৰত পৰিহে এনে প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেনেই নগণ্যসংখ্যক প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক প্ৰৰোচনাত পৰি বৃহস্পতিবাৰে উক্ত কাৰ্য সংঘটিত কৰিছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰতিবাদকাৰীসকলৰ মাজত যুৱ ছাত্ৰৰ সদস্য থকাটোক লৈও সন্দেহ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বাতৰিত প্ৰকাশ পোৱাৰ দৰে যুৱ ছাত্ৰৰ সদস্যই প্ৰতিবাদ জনাইছিল নে যুৱ ছাত্ৰৰ নাম লৈ কোনো সুবিধাবাদীয়ে ৰাজনীতিৰ অংক পাতিছে?

'আমাৰ বোধেৰে এয়া সুবিধাবাদী কোনো ৰাজনৈতিক দলৰ উদ্দেশ্য প্ৰণোদিত প্ৰতিবাদ। তেনেই নগণ্যসংখ্যক লোকেৰে উক্ত কাৰ্য সংঘটিত কৰি উক্ত দলটোৱে আছু আৰু আন জাতীয় সংগঠনক বদনাম জাপি দিছে বুলিয়ে আমাৰ ধাৰণা। অৱশ্যে এনেও হব পাৰে যে আছুৱে তেনে দলৰ সৈতে ভিতৰি বুজাবুজিও কৰিব পাৰে। ইতিমধ্যে এনে দলৰ এজন জ্যেষ্ঠ নেতাই আছুৱে জন্ম দিবলৈ ওলোৱা নতুন দলটোক সমৰ্থন জনাব বুলি কৰা ঘোষণাৰ কথাও আমি বাতৰিত পাইছো, যিয়ে সকলো কথা স্পষ্ট কৰি দিয়ে।' -মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰতিবাদ, ক'লা পতাকা প্ৰদৰ্শনৰ নামত সুবিধাবাদী কোনো ৰাজনৈতিক দলে কৰা এনেধৰণৰ নিকৃষ্ট কামত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসম চৰকাৰ লগতে বিজেপি দলে বিন্দুমাত্ৰাও বিচলিত নহয়। বৰং দুগুণ উৎসাহেৰে জনতাৰ সেৱা কৰি যাবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী শুক্লবৈদ্যই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in