ঢকুৱাখনাত ক’লা পতাকা উত্তোলন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ সময়তে আৰক্ষী-নিৰাপত্তা বাহিনীক ভেঙুচালি কৰি আজি সন্দেহযুক্ত বিদ্ৰোহীয়ে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বাঁহপৰা হাইস্কুলৰ খেলপথাৰত উত্তোলন কৰে এখন ক'লা পতাকা।

ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগৰ ঢকুৱাখনা-মাতমৰা গড়কাপ্তানি পথৰ দাঁতিৰ স্কুলৰ খেলপথাৰত আজি ক'লা পতাকাখন উৰি থকা প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়ে।

যথা সময়ত আৰক্ষী গৈ নোপোৱাত পুৱাৰে পৰা উৰি থকা ক'লা পতাকাখন পাছত ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া শুভানীয়ে গৈ গাঁওৰক্ষী বাহিনী- গাওঁবুঢ়া আৰু ৰাইজৰ উপস্থিতিত নমাই আনে। পতাকাখনৰ তলৰ পৰা এটা সামৰিক বাহিনীয়ে ব্যবহাৰ কৰা টুপী উদ্ধাৰ হৈছে।

ক'লা পতাকাখন কোনে উৰালে তাকলৈ ৰাইজৰ মাজত চৰ্চা চলাৰ লগতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন পাতৰে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। স্থানীয়ে ৰাইজে এয়া বিদ্ৰোহী সংগঠনৰ কাৰ্য হ'ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in