মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে…

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে…

ডিজিটেল ডেস্কঃমহাৰাষ্ট্ৰত বিজেপিয়ে গঠন নকৰে চৰকাৰ। দেওবাৰে ৰাজভৱনত উপস্থিত হয়বিজেপি আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱিছ। ৰাজভৱনত চৰকাৰগঠনৰ সন্দৰ্ভত অনুষ্ঠিত বৈঠকত বিজেপিয়ে স্পষ্ট কৰি দিয়ে তেওঁলোকে ৰাজ্যখনত গঠননকৰে চৰকাৰ।

মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে সংবাদমাধ্যমৰ আগত কয়যে- বিধানসভা নিৰ্বাচনত বিজেপিয়ে শিৱসেনাৰ সৈতে মিলি মিত্ৰজোঁট গঠন কৰিছিল। জনতায়োএই মিত্ৰজোঁটক সমৰ্থন প্ৰদান কৰি চৰকাৰ চলোৱাৰ দায়িত্ব অৰ্পণ কৰিলে। কিন্তুশিৱসেনাই এই সমৰ্থনক সন্মান নকৰিলে।

লগতে তেওঁ কয়- 'আমি ৰাজ্যপালগৰাকীক অৱগত কৰিবলৈ আহিছো যে আমি চৰকাৰগঠন নকৰো। ৰাজ্যপালে আমাক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ জনাইছিল। কিন্তু সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে আমি চৰকাৰ গঠন নকৰো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in