শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

প্রধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিজেপিৰ ‘সেৱা সপ্তাহ’ কাৰ্যসূচী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দান কৰিলে ৬ মাহৰ দৰমহা…

395

ডিজিটেল ডেস্কঃ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্রধানমন্ত্ৰীগৰাকীৰ ৬৯ সংখ্যক জন্ম ‘সেৱা সপ্তাহ’ ৰূপে পালন কৰাৰ কথা ঘোষণা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। টুইটাৰযোগে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে- সেৱা সপ্তাহৰ সময়ত ত্ৰিপুৰাৰ ১১০০ পঞ্চায়ত আৰু গ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যখনত ডাষ্টবিনৰ ব্যৱস্থা কৰা হ’ব।

লগতে তেওঁ জনাইছে যে, অহা ৬ মাহৰ দৰমহা তেওঁ দান দিয়াৰ সিদ্ধান্ত লৈছে। আৰু ত্ৰিপুৰাক এখন পৰিষ্কাৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে, ত্ৰিপুৰাৰ লগতে উত্তৰাখণ্ডতো এনেধৰণৰেই প্ৰস্তুতি চলোৱা হৈছে। উত্তৰাখণ্ডত ১৪ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰৰ পৰা সেৱা সপ্তাহ পালন কৰা হ’ব। উত্তৰাখণ্ডৰ প্ৰতিখন জিলাতেই সেৱা সপ্তাহৰ আয়োজন কৰা হ’ব।

আনহাতে, এই সেৱা সপ্তাহ কাৰ্যসূচীৰ বাবে ৰাজ্যখনত গঠন কৰা হৈছে এখন সমিতি। এই কাৰ্যসূচীত ৰাজ্যখনৰ দৰিদ্ৰ শ্ৰেণী লোকসকলক বহু ধৰণৰ সুবিধা আৰু সেৱা প্ৰদান কৰা হ’ব। বিজেপিয়ে সমগ্ৰ দেশতেই এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে এতিয়া ‘সেৱা সপ্তাহ’ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি