দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে…

দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে…

ডিজিটেল ডেস্ক : নতুন দিল্লীত বুধবাৰে নিশা ১ বজালৈ বি জে পিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক বৈঠক অনুষ্ঠিত হয় । সন্ধিয়া ৬ বজাৰ পৰা ৮-৩০ বজালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত অগপ-ইউ পি পি এল আৰু বিজেপিৰ কেন্দ্ৰীয় কমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকতে অগপ- ইউ পি পি এলৰ আসন বুজাবুজি চুড়ান্ত কৰিলে দল তিনিটাৰ নেতৃত্বই ।

ইফালে বুধবাৰে নিশা ৯ বজাৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্তবিশ্ব শৰ্মা নিশা ১ বজালৈ দ্বিতীয় খন বৈঠকত মিলিত হয় ৷

বৈঠকত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, বি জে পি ৰ অসম প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, সাংগঠনিক সম্পাদক বি এল সন্তোষ আৰু অসমৰ সাংসদ দিলীপ শইকীয়া,সাধাৰণ সম্পাদক ফণী শৰ্মা উপস্থিত আছিল৷

বৈঠকৰ অন্তত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে – বৃহস্পতি বাৰে প্ৰকাশ পাব বিজেপি,অগপ আৰু ইউপইপিএলৰ আসনৰ তালিকা।বিয়লি ৩ বজাত যুটীয়া সংবাদমেলত ঘোষণা হ'ব অগপ বিজেপি ইউপিপিএলৰ আসনৰ সংখ্যা ৷তিনিওটা দল অগপ-ইউ পি পি এল-বিজেপিৰ সভাপতিৰ যুটীয়া সংবাদমেল সম্বোধন কৰিব ।

ইপিনে সংবাদমেলৰ পূৰ্বে বৃহস্পতিবাৰে অগপৰ সৈতে পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।বৃহস্পতিবাৰে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া ৫ বজাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in