মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অভিসন্ধি ৰচিছে বিজেপিয়েঃ সঞ্জয় ৰাউট

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অভিসন্ধি ৰচিছে বিজেপিয়েঃ সঞ্জয় ৰাউট

ডিজিটেল ডেস্কঃ 'মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অভিসন্ধি ৰচিছে বিজেপিয়ে।' -এই মন্তব্য শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্যপালৰ দ্বাৰা শিৱসেনাক আমন্ত্ৰণ সন্দৰ্ভত মন্তব্য কৰি সোমবাৰে শিৱসেনাৰ নেতাগৰাকীয়ে কয় যে বিজেপিয়ে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ চেষ্টা চলাইছে। সেইবাবে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা নাই।

বিজেপিক আক্ৰমণ কৰি সঞ্জয় ৰাৱটে কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে শিৱসেনাৰ সৈতে মুখ্যমন্ত্ৰীৰ আসন ৫০-৫০ত ভাগ কৰিবলৈ সহমত পোষণ কৰিছিল। কিন্তু নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন লাভ কৰি এতিয়া অহংকাৰত মত্ত হৈ পৰিছে। তেওঁলোকে যিহেতু বহুমত লাভ কৰা নাই, সেয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। কিন্তু লাগিলে বিজেপিয়ে এতিয়া বিৰোধীত বহিবলৈ সাজু, কিন্তু অইনক চৰকাৰ গঠন কৰিবলৈ নিদিয়ে। এয়া মহাৰাষ্ট্ৰবাসীৰ বাবে অপমানদায়ক।'

ইফালে মহাৰাষ্ট্ৰৰ ৰাজ্যপালে শিৱসেনাক আমন্ত্ৰণ জনোৱাটো 'মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে গ্ৰহণ কৰা তৎপৰতাৰ ইংগিত' নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰ দি সঞ্জয় ৰাউটে কয়, 'ৰাজ্যপালে আমাক অধিক সময় দিয়া উচিত আছিল। তেওঁ বিজেপিক ৭২ ঘণ্টা সময় দিছিল। কিন্তু বহুমত প্ৰমাণ কৰিবলৈ আমাক তাতকৈ কম সময় দিয়া হৈছে। এয়া বিজেপিৰে ষড়যন্ত্ৰ। বিজেপিয়ে নিবিচাৰে যে আমি ৰাজ্যত চৰকাৰ গঠন কৰো। বিজেপিয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা জাৰি কৰাৰ ৰণনীতিৰে এয়া কৰিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in