আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৩ বিজেপি সাংসদে নাপাব পাৰে প্ৰাৰ্থিত্ব!

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৩ বিজেপি সাংসদে নাপাব পাৰে প্ৰাৰ্থিত্ব!

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন এই সপ্তাহতে ঘোষণা কৰা হ'ব। নিৰ্বাচন আয়োগৰ সূত্ৰই এই কথা সদৰী কৰাৰ পাছত ৰাজনৈতিক দলবোৰৰ মাজত প্ৰাৰ্থিত্ব নিৰ্বাচনৰ তৎপৰতা অধিক বৃদ্ধি পাইছে। কিন্তু অসমত এতিয়ালৈ শাসকীয় বিজেপি দলৰ ১৪ টা লোকসভা সমষ্টিত কোন প্ৰাৰ্থী হ'ব সেয়া এতিয়াও থিৰাং কৰিব পৰা নাই। দলটোৰ ভিতৰচৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে যদিও এইবাৰ কেইবাজনো বিজেপি সাংসদে টিকট নোপোৱাৰ সম্ভাৱনাই অধিক।

উল্লেখযোগ্য যে, ২০১৪ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৩ খন, বিজেপিয়ে ৭ খন আৰু এ আই ইউ ডি এফে ৩ খন আসন লাভ কৰিছিল। গুৱাহাটী, মঙলদৈ, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ আসনত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। মুখ্যমন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পাছত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা এই উপ নিৰ্বাচনত জয়ী হৈছিল।

যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ ভিতৰত যিকোনো এজনকহে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। ইফালে, গুৱাহাটী সমষ্টিৰ বিজয়া চক্ৰৱৰ্তী পুনৰ নিৰ্বাচিত হ'ব বুলি দলটোৰ শীৰ্ষ নেতৃত্ব আশ্বস্ত হ'ব পৰা নাই। ৰাজহুৱা জীৱনৰ পৰা প্ৰায় আতৰি থকা বিজয়া চক্ৰৱৰ্তীৰ স্থানত গুৱাহাটীত বিজেপিয়ে নতুন মুখৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।

একেদৰে তেজপুৰ সমষ্টিত ৰাম প্ৰসাদ শৰ্মাই পুনৰ টিকট পাব বুলি আত্মবিশ্বাসী হৈ আছে যদিও সেই সমষ্টিটোৰ পৰা শেষ মুহূৰ্তত বৰ্তমানৰ সাংসদ শৰ্মাৰ স্থানত হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে বুলিও চৰ্চা হৈছে। তেজপুৰ বা গুৱাহাটী যিকোনো এটা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে। নগাঁও লোকসভা সমষ্টিক লৈ চিন্তিত বিজেপি নেতৃত্ব। বহু নাৰীকেন্দ্ৰিক অভিযোগত অভিযুক্ত হৈ নিজা ভাৱমূৰ্তি হেৰুওৱা ৰাজেন গোহাঁইয়ে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপালেও  আচৰিত হ'বলগা একো নাই।

শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে সাংসদ নথকা আন সমষ্টিবোৰতো শক্তিশালী প্ৰাৰ্থী নিৰ্বাচনক লৈ জটিলতাৰ সন্মুখীন হৈছে। ইফালে, অসম গণ পৰিষদে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ ইচ্ছা ব্যক্ত কৰাত দুই দলৰ মাজতো দৰ-দাম চলিছে। নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই পত্নী জয়শ্ৰী মহন্তক প্ৰক্ষেপ কৰাৰ ইচ্ছা থকাৰ বিপৰীতে কলিয়াবৰ সমষ্টিও দাবী কৰিব অগপই।

কিয়নো এই সমষ্টিটোৰ পৰা কেশৱ মহন্তই মণিমাধৱ মহন্তক লোকসভা নিৰ্বাচনৰ অগপ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰি ভাতৃক ৰাজনৈতিক ভাৱে সংস্থাপন দিয়াৰ ৰণকৌশল ৰচিছে। একেদৰে ধুবুৰী বা বৰপেটা সমষ্টিও অগপই বিচাৰিলে দুই দলৰ মাজৰ মিত্ৰতা কিমান পৰ্যায়লৈ আগবাঢ়ে সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই।

অগপ-বিজেপিৰ মাজত পুনৰ মিত্ৰতা হ'লে আঞ্চলিক দল অগপ উলম্ব বিভাজন হোৱাৰ লগতে এইবাৰ অগপক বিজেপিয়ে বিশেষ গুৰুত্ব দিয়াৰো সম্ভাৱনা ক্ষীণ। অৱশ্যে অগপৰ অবিহনে বিজেপিয়ে কেইবাটাও সমষ্টিত প্ৰাৰ্থীক জয়ী কৰাই অনা সম্ভৱ নহয় বুলি গম পাইছে। সেই পৰিপ্ৰেক্ষিতত দুই দলৰ মাজত বুজাপৰা হ'লেও বিজেপিয়ে অগপক কোনকেইটা সমষ্টি এৰি দিয়ে সেয়া লক্ষণীয় হ'ব। তাৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ অতি কমেও বৰ্তমানৰ তিনি জন সাংসদে প্ৰাৰ্থিত্ব নাপাব বুলি প্ৰায় স্পষ্ট হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in