আদৰণি সমাৰোহত অংশ লৈ আঘাতপ্ৰাপ্ত বিজেপি নেতা, চিকিৎসালয়ৰ বাহিৰত বিজেপি সমৰ্থক ভিৰ

আদৰণি সমাৰোহত অংশ লৈ আঘাতপ্ৰাপ্ত বিজেপি নেতা, চিকিৎসালয়ৰ বাহিৰত বিজেপি সমৰ্থক ভিৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিজেপিৰ প্ৰদেশ সভাপতি স্বতন্ত্ৰ দেৱ সিঙে মুজাফ্ফৰনগৰ জিলাত আয়োজিত এক আদৰণি সমাৰোহত অংশ লোৱাৰ সময়ত আহত হোৱাৰ খবৰে উত্তৰ প্ৰদেশ বিজেপিৰ নেতা-কৰ্মীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। বিজেপি নেতাগৰাকী চিকিৎসাধীন হৈ থকা ব্যক্তিগত চিকিৎসালয়খনৰ ভিতৰে বাহিৰে বিজেপি সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, মুজফ্ফৰনগৰ জিলাত প্ৰদেশ সভাপতি স্বতন্ত্ৰ দেৱ সিং উপস্থিত হোৱাৰ পিছতে তেওঁক বিজেপি সমৰ্থকসকলে বেঢ়ি উষ্ম আদৰণি জনায়। তাৰ পিছত নেতাগৰাকীয়ে এখন ট্ৰাকত উঠি বিজেপি সমৰ্থকসকলৰ অভিবাদন গ্ৰহণ কৰি যায়। আনহাতে জিলাখনৰ আৱাস বিকাশ কলনী অতিক্ৰম কৰাৰ সময়তে নেতাগৰাকীক আদৰণি জনাবলৈ তাত ৰৈ থকা মহিলা মৰ্চাৰ সদস্যসকলে তেওঁক ট্ৰাকৰ পৰা নামি আহি অভিবাদন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

মহিলা মৰ্চাৰ সদস্যসকলৰ আগ্ৰহক সন্মান জনাই স্বতন্ত্ৰ দেৱ সিঙে ট্ৰাকৰ পৰা নামিবলৈ লওতেই ট্ৰাকৰ কোনো অংশত লাগি তেওঁৰ হাতৰ এটা আঙুলিত আঘাত পায়। নেতাগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে বিজেপিৰ সমৰ্থকসকলে তেওঁক ততাতৈয়াকৈ স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। তাত চিকিৎসকে তেওঁৰ প্ৰাথমিক চিকিৎসা চলাই আঘাত গুৰুতৰ নহয় বুলি কয় যদিও চিকিৎসকৰ তত্বাৱধানত থকাৰ পৰামৰ্শ দিয়ে।

ইফালে নেতাগৰাকী আহত হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ সমৰ্থকসকলে চিকিৎসালয়ৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হয়। উত্তৰ প্ৰদেশ বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাও চিকিৎসালত উপস্থিত হৈ স্বতন্ত্ৰ দেৱ সিঙৰ স্বাস্থ্যৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in