বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস…

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস…

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দোতমাৰ বাসগৃহত বুধবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সতে মত বিনিময় কৰে । বিটিচি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বডোফাৰ বাসগৃহত উপস্থিত হৈ বডোফাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

বড়ো আন্দোলনৰ নেৰ্তৃত্ব দিয়া মহান নেতাগৰাকীৰ সান্নিধ্য পাবলৈ সক্ষম নহল যদিও বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত উপস্থিত হোৱাৰ বহুদিনীয়া হেঁপাহ তেওঁৰ আছিল আৰু আজি সেই হেঁপাহ পুৰণ হোৱাত নিজকে ধন্য মানিছে বুলি মন্তব্য কৰি ৰঞ্জিত দাসে বডোফাৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনাইছে ।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এগৰাকী স্বাৰ্থবিহীন নেতা আছিল আৰু তেনে নেতাই এতিয়া অসমত প্ৰয়োজন হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত উপস্থিত হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in