আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ’ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়

আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ’ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়

ডিজিটেল সংবাদ, ওদালগুৰিঃ "আগন্তুক ২০২০ চনৰ বিটিএডি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব। বিজেপিক বাদ দি কোনেও কোকৰাঝাৰত পৰিষদীয় চৰকাৰ গঠন কল্পনাই কৰিব নোৱাৰে। পৰিষদীয় চৰকাৰত এইবেলি বিজেপি দলটোৱে অংশগ্ৰহণ কৰাটো নিশ্চিত। বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচন খেলিব। এই নিৰ্বাচনত নৱ শৰণীয়া কোনো ফেক্টৰে নহয়, তেওঁ হৈছে এজন অকলশৰীয়া লোক।" এই ভাষ্য বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ।

ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে। বিশেষকৈ আগন্তুক ২০২০ চনৰ বিটিএডি পৰিষদীয় নিৰ্বাচনত দলৰ ভূমিকা সন্দৰ্ভত মত ব্যক্ত কৰি নিৰ্বাচনটোত বিজেপিয়ে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি প্ৰতিদ্বন্বিতা আগবঢ়োৱাৰ দাবী কৰে। কেৱল এয়াই নহয়, বিজেপি দলটোৱে আনৰ কান্ধত উঠি নিৰ্বাচন নেখেলে বুলি মত প্ৰকাশ কৰি বিটিএডিত পৰৱৰ্তী চৰকাৰ বিজেপিৰ দ্বাৰাই গঠন হ'ব বুলি দাবী কৰে।

ইফালে বিটিএডিত শক্তিশালী বিৰোধী নৱকুমাৰ শৰণীয়া হ'ব পাৰে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত নৱ কুমাৰ শৰণীয়া এই নিৰ্বাচনত কোনো ফেক্টৰ নহয়, বৰঞ্চ তেওঁ এতিয়া এগৰাকী অকলশৰীয়া লোক বুলিহে উপাধ্যায়ে ব্যক্ত কৰে। বিটিএডিত বৰ্তমান বিজেপিৰ ৫ লক্ষাধিক প্ৰাথমিক সদস্য থকাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত দলটোৱে অনায়াসে পৰিষদ দখল কৰিব বুলিও তেওঁ দেওবাৰৰ সংবাদমেলত দাবী কৰে। ইফালে বিটিএডি নিৰ্বাচনত বিজেপি দলটোৱে আন কোনো দলৰ সৈতে মিত্ৰতা কৰিব নেকি এই সন্দৰ্ভত সোধা প্ৰশ্নত সম্পাদক উপাধ্যায়ে কয় যে, দিশপুৰত মিত্ৰতা আছে, লোকসভা নিৰ্বাচনতো এটা দলে আনটো দলক সহায় কৰিছে। সেয়া এক অন্য কথা বুলি উল্লেখ কৰি বিটিএডি নিৰ্বাচনত বিজেপিৰ তৃণমূল কৰ্মীসকলৰ দাবীৰ পৰিপ্ৰেক্ষিতত দলটোৱে নিৰ্বাচনত শক্তিশালীৰূপে অৱতীৰ্ণ হৈ পৰিষদ গঠনত এক গুৰুত্বপূৰ্ণ ভুমিকাঢ়লব বুলি উল্লেখ কৰে।

বিটিএডি অঞ্চলত দুৰ্নীতি সংঘটিত হোৱা বুলি ইংগিত প্ৰদান কৰি উপাধ্যায়ে কয় যে, দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰাৰ বাবে যিসকল লোকে আগবাঢ়ি আহে তেনে লোকসকলক লগত লৈ দুৰ্নীতিমুক্ত পৰিষদ গঠনৰ স্বাৰ্থত বিজেপিয়ে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব। যদিহে ৰাইজে বিজেপিক এককভাৱে এইবাৰ বিটিএডিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে তেন্তে দলটোৱে অকলেই এককভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও ঘোষণা কৰে। সংবাদমেলখনত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতা, জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, সাধাৰণ সম্পাদকদ্বয় অজয় কুমাৰ হাজৰিকা, বিৰদাও বসুমতাৰীৰ লগতে বহু বিষয়ববীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in