১০ সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে প্ৰাৰ্থীৰ পেনেল, ১৬ মাৰ্চত চূড়ান্ত ঘোষণা

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ এতিয়াও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰা নাই অসমৰ ১০ সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিয়ে আগবঢ়োৱা প্ৰাৰ্থিত্বৰ পেনেল। উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসভৱনত অনুষ্ঠিত এক বৈঠকত চূড়ান্ত কৰা হৈছিল ১০ টা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ এই পেনেল। উক্ত বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল।

ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বলৈ চূড়ান্ত সিদ্ধান্তৰ বাবে প্ৰেৰণ কৰা ১০ টা এই সমষ্টি হ'ল ক্ৰমে- ডিব্ৰুগড়, যোৰহাট, লক্ষিমপুৰ, তেজপুৰ, নগাঁও, গুৱাহাটী, মঙলদৈ, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ। লক্ষণীয়ভাৱে উক্ত তালিকাত কলিয়াবৰ, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ নাম নাই।

ইয়াৰে কোকৰাঝাৰ সমষ্টিত ইতিমধ্যে ৰাজ্য চৰকাৰৰ মিত্ৰদল বি পি এফৰ প্ৰাৰ্থী ৰূপে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰা হৈছে। সেয়ে বাকী থকা ৩ টা সমষ্টি ক্ৰমে- কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিকেইটা অগপ দলক এৰি দিয়াৰ বাবে সংৰক্ষণ কৰি ৰখা বুলি ধাৰণা কৰা হৈছে। অগপ দলে ইয়াৰ উপৰিও গুৱাহাটীকে ধৰি আন দুখন আসন বিচাৰিছিল যদিও ধাৰণা কৰা মতে, সেই আশা পূৰণ নহ'ব।

ইফালে, ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰা পেনেলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে ডিব্ৰুগড় সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপৰি পুলক গোহাঁইৰ নাম। যোৰহাট সমষ্টিত আকৌ বিধায়ক তপন গগৈৰ নাম এক নম্বৰত থকাৰ বিপৰীতে বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম দ্বিতীয় আৰু শান্তনু গগৈৰ নাম তৃতীয় স্থানত অন্তৰ্ভূক্ত হৈছে। লক্ষিমপুৰত প্ৰদান বৰুৱাৰ উপৰি দ্বিতীয় পচন্দৰ প্ৰাৰ্থী হিচাপে হৰেণ দেউৰীক অন্তৰ্ভূক্ত কৰা হৈছে। লক্ষণীয়ভাৱে তেজপুৰ সমষ্টিৰ বাবে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰেৰণ কৰা হৈছে। ইয়াৰ বিপৰীতে নগাঁৱত ৰজেন গোহাঁইৰ নাম দ্বিতীয় স্থানত অন্তৰ্ভূক্ত হোৱাৰ বিপৰীতে ৰূপক শৰ্মাৰ নাম প্ৰথম স্থানত আৰু আঙুৰলতা ডেকাৰ নাম তৃতীয় স্থানত অন্তৰ্ভূক্ত হৈছে।

গুৱাহাটীত হঠাতে সাংসদ বিজয়া চক্ৰৱৰ্তীৰ নাম পুনৰ তালিকাৰ এক নম্বৰলৈ অহাৰ বিপৰীতে বিজুলী কলিতা মেধি দ্বিতীয় স্থানত, কুইন ওজা তৃতীয় আৰু ৰূপম গোস্বামীৰ নামত চতুৰ্থ স্থানত অন্তৰ্ভূক্ত কৰা হৈছে। সেইদৰে মঙলদৈত সাংসদ ৰমেন ডেকাক প্ৰথম স্থানত ৰাখি দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভূক্ত কৰা হৈছে। স্বায়ত্ব শাসিত জিলা সমষ্টি (ডিফু)ৰ বাবে স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য তথা ভংগ হোৱা বিদ্ৰোহী সংগঠন ইউ পি ডি এছৰ প্ৰাক্তন নেতা হৰেণ সিং বে'ক প্ৰথম স্থানত ৰখাৰ বিপৰীতে প্ৰাক্তন বিধায়কৰ বিদ্যাছিং ইংলেং আৰু তুলিৰাম ৰংহাঙক ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত ৰখা হৈছে।

শিলচৰ সমষ্টিত প্ৰাক্তন সাংসদ পৰিমল শুক্লবৈদ্যক দ্বিতীয় স্থানত ৰখাৰ বিপৰীতে ৰাজদ্বীপ ৰয়ক প্ৰথম স্থানলৈ অনা হৈছে। সেইদৰে কৰিমগঞ্জত প্ৰাক্তন বিধায়ক কৃপানাথ মাল্লাৰ নাম প্ৰথম স্থানত অন্তৰ্ভূক্ত হোৱাৰ লগতে দ্বিতীয় স্থানত অমৰেশ ৰয়ৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।

বিজেপিৰ ৰাজ্যিত সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰলৈ প্ৰাৰ্থীৰ পেনেল প্ৰেৰণৰ বিষয়ে অৱগত কৰাৰ লগতে অহা ১৬ মাৰ্চতহে লোকসভাৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in