বিজেপি-আৰএছএছৰ ৰাজহুৱা অনুষ্ঠান বন্ধ কৰকঃ অখিল গগৈ

বিজেপি-আৰএছএছৰ ৰাজহুৱা অনুষ্ঠান বন্ধ কৰকঃ অখিল গগৈ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সংবাদমেলযোগে কৃষক নেতা অখিল গগৈৰ আহ্বান- বিজেপি-আৰ এছ এছৰ সকলো ৰাজহুৱা অনুষ্ঠান বন্ধ কৰক, ৰাজহুৱা অনুষ্ঠানলৈ আমন্ত্ৰণ নজনাব বিজেপি-আৰ এছ এছ নেতাক। তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৰ্মচাৰী পৰিষদে কোনো কাৰ্যসূচী লোৱা দেখা নাই, অন্ততঃ এদিন হ'লেও কৰ্মবিৰতিৰে বিৰোধিতা কৰক কৰ্মচাৰী পৰিষদে। বাঙালীভাষী ৰাইজেও এই বিধেয়কৰ বিৰোধিতা কৰক, নহ'লে বিৰোধিতা কৰা নাই বুলি সদায় বদনাম থাকি যাব। সংবাদমেলত এইদৰে ক'লে কৃষক নেতা অখিল গগৈয়ে।

লগতে অখিল গগৈয়ে এইবাৰ মাঘ বিহুত যাতে প্ৰতিবাদ বন্ধ নকৰে অসমবাসীয়ে, নহ'লে সুবিধা ল'ব বিজেপিয়ে বুলি কোৱাৰ উপৰিও তেওঁ কয়- ইতিমধ্যে ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি। ১৪ জানুৱাৰীৰ পূৰ্বে বিধেয়কৰ প্ৰতিলিপি দাহ কৰক, ভেলাঘৰৰ সন্মুখত গামোচা পতাকা উত্তোলন কৰক, ঘৰৰ সন্মুখত একোখনকৈ গামোচা আঁৰি দিয়ক, মেজি জুইয়ে বিধেয়কৰ প্ৰতিলিপি জ্বলাবলৈ দিয়া নাই, কাৰণ মেজি জুই পৱিত্ৰ বুলি মানে অসমীয়াই। মেজি জ্বলোৱা সময়ত বিধেয়ক বাতিলৰ শ্লোগান দিয়ক, লগতে বিহু পাতিবলৈ বিজেপি–আৰ এছ এছ নেতাৰ পৰা বৰঙণি নল'বলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in