শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO

দিল্লীৰ নিৰ্বাচনৰ ফলাফলৰ চাইড এফেক্ট! ২২ বিজেপি নেতাই দল এৰিলে ক’ত…

12,319

ডিজিটেল সংবাদ, ৱাখাঃ বিজেপিৰ প্ৰতি ক্ৰমাৎ মোহভংগ ঘটিছে নাগালেণ্ডত। শাসকীয় বিজেপি দল ত্যাগ কৰি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতিসহ ২২ গৰাকী নেতা-কৰ্মীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে নাগা পিপ’লছ ফ্ৰণ্টত যোগদান কৰে। উল্লেখযোগ্য যে, মঙলবাৰে ডিমাপুৰৰ হোটেল ছাৰামতিত অনুষ্ঠিত এক সভাত নাগালেণ্ড বিজেপিৰ আইন কোষৰ সম্পাদক টছি লংকুমাৰ আৰু কিষাণ মৰ্চাৰ উপ-সভাপতি মকিবুৰ ৰহমানসহ ২২ গৰাকীয়ে এন পি এফৰ সভাপতি ডঃ ছুৰজেলি লিজিতছুৰ ওচৰত নাগা পিপ’লছ ফ্ৰণ্টৰ সদস্যপদ গ্রহণ কৰে।

বিজেপিৰ দল ত্যাগৰ সন্দৰ্ভত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মকিবুৰ ৰহমানে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা অব্যাহত ৰাখিবৰ বাবে তেওঁলোকে এনেদৰে বিজেপি দল ত্যাগ কৰিছে। নাগৰিকত্ব সংশোধনী আইন উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি বিপদজনক। ইফালে এন পি এফৰ সভাপতি ডঃ লিজিতছুৱে কয়, এয়া সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় কিয়নো নাগা পিপ’লছ ফ্ৰণ্টৰ কেৱল নিৰ্বাচন খেলাই উদ্দেশ্য নহয়। বিৰোধী দলত থাকিলেও নগাসকলৰ অস্তিত্ব আৰু সুকীয়া পৰিচয়ক প্ৰতিনিধিত্ব কৰি আহিছে। লিজিতছুৱে কয়, নগা জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ মুহূৰ্তলৈকে এন পি এফ থাকিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি