পূৰ্ব চৰ্ত দিয়া সকলক বিজেপিয়ে আদৰি নলয়ঃ ৰঞ্জিত দাস

পূৰ্ব চৰ্ত দিয়া সকলক বিজেপিয়ে আদৰি নলয়ঃ ৰঞ্জিত দাস

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কঢ়ালী গাৱঁত ভাৰতীয় জনতা পাৰ্টিৰ ৰূপহীহাট সমষ্টিৰ উদ্যোগত আজি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন পৰ্ব আৰু সদস্যতা অভিযান অনুষ্ঠিত হয় ।উক্ত সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰে খালী চকীৰ সন্মুখত । ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগেই খালী হৈ পৰিল প্ৰেক্ষাগৃহৰ আসন ।

কিন্তু তাৰ মাজতেই ভাষণ আৰম্ভ কৰিলে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে।সভাখনত ৰাজ্যিক সভাপতি গৰাকীক সংগ দিলে বিধায়ক ৰূপক শৰ্মা,কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া,প্ৰাক্তন বিধায়ক মোক্তাৱ হুইছেন খানে ।ইয়াৰ পাছতেই সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে ন-বিজেপি সন্দৰ্ভত কৰা মন্তব্য প্ৰসংগত কয় যে ন-বিজেপি সন্দৰ্ভত ৰাজেন গোহাঁইয়ে কৰা মন্তব্য তেখেতৰ ব্যক্তিগত মতামত হব পাৰে কিন্তু দলৰ মতামত নহয় ।

ভাৰতীয় জনতা পাৰ্টি এটা দল হোৱাৰ লগতে ই এক অভিযান ।গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে নতুনক আদৰি লোৱাটো স্বাভাবিক ।আনহাতে বিধায়ক শিলাদিত্যই ন বিজেপিৰ চিণ্ডিকেট সম্পৰ্কে উল্লেখ কৰা মন্তব্যৰ কথা উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যদি সচাঁকৈ তেনেকুৱা হৈছে তেন্তে তেওঁ তথ্যসহকাৰে মুখ্যমন্ত্ৰীক অৱগত কৰা প্ৰয়োজন আৰু মোৰ বিশ্বাস আছে যদি তথ্যসহকাৰে মুখ্যমন্ত্ৰীক অভিযোগ দিয়ে তেন্তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় ব্যৱস্থা গ্ৰহন কৰিব বুলি উল্লেখ কৰে ।

ইয়াৰোপৰি মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী বিজেপিলৈ অহা প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দেশ আৰু দলৰ কাৰণে কাম কৰিম বুলি ভাবি যদি বিজেপিত আহে তেন্ত তেওঁক আমি আদৰি লম কিন্তু পূৰ্বচৰ্ত লৈ অহা মানুহক আমি আদৰি নলও বুলি মন্তব্য কৰে ।

ইয়াৰোপৰি আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰথমে ৰঞ্জিত দাসৰ লক্ষ্য ৯০খন চিট আছিল যদিও আজিৰ পৰা ৯১ খন হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে ৯১খন চিট দখল কৰিব বুলি কোৱাৰ লগতে ৰূপহীহাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জিকাটো নিশ্চিত বুলি মন্তব্য কৰে ।উল্লেখ্য যে উক্ত সভাতেই কংগ্ৰেছ আৰু অন্যান্য দলৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in