ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শাসকৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰতিবাদ কৰা আপুনি শুনিছে। কিন্তু বিৰোধী দলৰ বিৰুদ্ধে শাসকীয় দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ নজিৰ খুউব কম আছে। তাকো বিৰোধী কাৰ্যালয় ঘেৰাও কৰি শাসকীয় দলে সাব্যস্ত কৰিলে প্ৰতিবাদ। বুধবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অভিসন্ধিমূলক প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজীৱ ভৱন ঘেৰাও কৰি প্ৰতিবাদত নমা বিজেপিৰ নেতা-কৰ্মীসকলৰ দাবী- ৰাফেল বিমান ক্ৰয়ক লৈ কংগ্ৰেছে দুৰ্নীতি হোৱা বুলি অপপ্ৰচাৰ চলাইছে৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলক সকীয়াই দিবলৈ বিজেপিয়ে এই কাৰ্য্যসূচী গ্ৰহণ কৰা বুলি বিজেপিৰ নেতৃত্বই জানিবলৈ দিয়ে৷ গুৱাহাটীত এই প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ লগতে প্ৰতিখন জিলা আৰু মহকুমাতে বিজেপি কৰ্মীসকলে প্ৰতিবাদী সমদল বাহিৰ কৰি ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in