যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা

যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈ বৃহস্পতিবাৰে চিমলাত আয়োজিত বিজেপিৰ এক জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডা। জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ধাৰা ৩৭০ বিলুপ্তি আৰু নাগৰিকত্ব সংশোধনী আইন বলবৎ প্ৰধানমন্ত্ৰীৰ মোডীয়ে গ্ৰহণ কৰা দুটা ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰে নড্ডাই।

যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু ডা০ মনমোহন সিঙে কৰিব নোৱাৰিলে, সেই কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰি দেখুৱাইছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে। তেওঁ কয়, মহাত্মা গান্ধী, নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী বা মনমোহন সিঙ সকলোৱে কৈছিল যে পাকিস্তান আৰু বাংলাদেশত নিৰ্যাতিত সংখ্যালঘু লোকসকলক উভতাই আনিব। কিন্তু তেওঁলোকে সেয়া কৰিব নোৱাৰিলে, প্ৰধানমন্ত্ৰী মোডীয়ে সেয়া কৰি দেখুৱাইছে।'

ইফালে চিমলাৰ পৰাই বৃহস্পতিবাৰে জেপি নড্ডাই বিহাৰত বিজেপিৰ ১১ টা জিলা কাৰ্যালয়ৰ উদ্বোধন কৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে। সেই সময়ত তেওঁ বিজেপি কৰ্মীসকলক সম্বোধন কৰি বিহাৰৰ ওপৰত প্ৰধানমন্ত্ৰী মোডীৰ আশীৰ্বাদৰ হাত চিৰদিন থাকিব বুলি জনতাক বুজাবলৈ আহ্বান জনায়। লগতে ধাৰা ৩৭০ বিলুপ্তি, তিনি তালাকৰ অন্ত পেলোৱা, 'কা' বলবৎ কৰা আদি মোডী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ জনতাৰ মাজত থকা ভ্ৰান্ত ধাৰণা আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও বিজেপি কৰ্মীসকলক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in