প্রাক্তন মুখ্যমন্ত্রীয়ে কৈছিল ‘হু ইজ বদৰুদ্দিন’, তেওঁৰ পুত্রই কৈছে ‘হি ইজ বদৰুদ্দিন’- বিজেপি অধ্যক্ষ জে পি নড্ডা…

প্রাক্তন মুখ্যমন্ত্রীয়ে কৈছিল ‘হু ইজ বদৰুদ্দিন’, তেওঁৰ পুত্রই কৈছে ‘হি ইজ বদৰুদ্দিন’- বিজেপি অধ্যক্ষ জে পি নড্ডা…

ডিজিটেল ডেস্কঃ সোমবাৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডা উপস্থিত হয় অসমত। তেওঁ বিহালীৰ নিউ কেটেলা খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাত তেওঁ কয়- 'প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ""হু ইজ বদৰুদিন"" কৈছিল আৰু আজি তৰুণ গগৈৰ পুত্রই "হি ইজ বদৰুদিন" বুলি কয়। অসমৰ ভাগ্য নিৰ্ণায়ক বদৰুদিন নহয়। অসমৰ গৌৰব শ্রীমন্ত শংকৰ দেৱ, ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ হয়। ভাৰতীয় জনতা পার্টিয়ে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিছে।'

লগতে তেওঁ কয়- অসমৰ ৯ হাজাৰ মন্দিৰ-নামঘৰ অসম দর্শন আচনিত অন্তর্ভুক্ত কৰিছে। অসমৰ সত্রৰ মাটি সুৰক্ষাৰ বাবে সর্বানন্দ সোণোৱাল চৰকাৰেহে কৰিছে। অসমৰ কাজিৰঙাত কংগ্রেছৰ দিনত সর্বাধিক গড় হত্যা হৈছিল আৰু বিজেপি চৰকাৰৰ দিনত গড় হত্যা কমিছে বুলি উল্লেখ কৰি অসমত বিজেপিৰ দিনত শান্তি স্হাপন হৈছে বুলিও কয় তেওঁ।

'চাহ শ্রমিকৰ উন্নয়নৰ বাবেও বিজেপিয়ে কাম কৰিছে। মনমোহন সিং অসমৰ পৰা গৈ প্রধানমন্ত্রী হৈও অসমৰ উন্নয়ন নকৰিলে। কিন্তু মোডী চৰকাৰ হোৱাৰ লগে লগে উন্নয়ন দুগুণ বাঢ়িছে। অসম চৰকাৰে কৰা মহিলা সবলীকৰণ বাবে প্রর্বতন কৰা অৰুনোদয় আঁচনি, কনকলতা মহিলা সবলীকৰণ আঁচনি ইত্যাদিৰ কথা কৈ এইবাৰ বিজেপি দলক ভোট দিবলৈ আহ্বান জনায় নড্ডাই।

বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাবে এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ কেম্দ্ৰীয় সভাপতি জে পি নড্ডা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, বিশ্বনাথ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অশোক ভট্টাৰায় সহ বিজেপি দলৰ কেন্দ্ৰ আৰু ৰাজ্যৰ বহু নেতা কৰ্মী সকল উপস্হিত থাকে।

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে লগতে নিজৰ ভাষণ প্ৰসংগত বিজেপি চৰকাৰে কৰা উন্নয়ন মূলক কাম আৰু আঁচনি সমূহ উল্লেখ কৰাৰ লগতে বাকী ৰাজনৈতক দল সমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কয় যে- তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন আৰু এতিয়া কংগ্ৰেছে কৈছে হি ইজ বদৰুদ্দিন।কংগ্ৰেছৰ নেতা সকল অসমলৈ চাহ বাগিচাত আহে আৰু ফটোত লগাই শ্ৰীলংকাৰ চাহ বাগিচাৰ ফটো।

কংগ্ৰেছ দলৰ শাসনৰ সময়ত অসম গৌৰৱ গঁড় নিধন কৰা কাৰ্য সংঘটিত কৰিছিল আৰু এই অসমৰ গৌৰব গঁড় নিধন কৰা কাৰ্য বন্ধ কৰিলে যদি বিজেপি চৰকাৰে কৰিলে। সেয়েহে আপোনালোকে মন্ত্ৰী ৰঞ্জিত দত্তক ভোট দান কৰি চৰকাৰ গঠন কৰাত অংশীদাৰ আহ্বান জনায়৷ লগতে তেওঁ কয় যে- কোটি টকা খৰচ সাপেক্ষে অসমত বাঁহ ফেক্টৰীৰ কাম আৰম্ভ হৈছে ৷ প্ৰায় ১৫ হাজাৰ অধিক বিজেপি কৰ্মী উপস্থিত সভাত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় বিজেপি চৰকাৰৰ খনে ৬ টা বছৰত ৫ খনকৈ দলং নিৰ্মাণ কৰি যাতায়তৰ ক্ষেত্ৰত এক ঐতিহাসিক কৰ্ম সম্পাদন কৰিছে।

বিজেপি চৰকাৰৰ দিনতে সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছে। ইয়াৰোপৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৫০ বছৰীয়া বড়ো আন্দোলনক সমাধান কৰি উগ্ৰপন্থীৰ উপদ্ৰৱ বন্ধ কৰিছে। লগতে বড়ো লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে ১৫ শ কোটি টকা অনুদান কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে। দেশৰ প্ৰায় ১৬ লাখ কৃষকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি কৃষক সকলক উপকৃত কৰিছে।

ইফালে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ নেতৃত্বত বিহালীত এখন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি থকা বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডাই।ইফালে তেজপুৰ সাংসদ পল্লৱ লোচন দাসে কয়- বিহালীত বিজেপি বিধায়ক ৰঞ্জিত দত্ত নেতৃত্বত বহুত উন্নতি হৈছে । গতিকে ৰঞ্জিত দত্ত আৰু মই বিহলী আগুৱাই নিয়াৰ দায়িত্ব লৈছোঁ ভোট দত্তক দিয়ক লগতে দাসে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাক কঠোৰ সমালোচনা কৰি কয় নিৰ্দলীয় কাম নাই বিশ্বাস নকৰিব বুলি মন্তব্য কৰে দাসে ।

আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত বিজেপি চৰকাৰে কৰা উন্নয়ন মূলক কাম আৰু আঁচনি সমূহ উল্লেখ কৰাৰ লগতে বাকী ৰাজনৈতক দল সমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ইয়াৰ পূৰ্বে যোৱাকালি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিবেক দাসে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক বিহালীৰ বৰালি মাছ আখ্যা দি সমালোচনা কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷

দত্তৰ মতে বৰালি মাছত কাঁইট নাই সেয়ে ডেকা বুঢ়া শিশু সকলোৱে বৰালি মাছ খাই ভাল পায় ৷বিহালীৰ ৰাইজে বৰালি বিচাৰে ৷ এই নিৰ্বাচনী সভাত বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিজৰ ভাষন প্ৰশংগত কয় যে- বিহালী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই বিহালীত প্ৰচাৰ চলাই আছে যে বিগত সময়ত বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তই এজনো নিবনুৱাক সংস্থাপন দিয়া নাই বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয় যে- বিজেপি চৰকাৰৰ দিনত বহুত নিবনুৱাক সংস্থাপন দিয়া হৈছে কিন্তু সম্পূৰ্ণ নিকা নীতিৰে ৰাজ্যত এই চাকৰি প্ৰদান কৰিছে ৷ তৎস্বত্বেও বিহালী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে বিজয় হলে বিহালীৰ নিবনুৱাক যি চাকৰি দিম বুলি কৈছে তেওঁ মাত্ৰ এটাই চাকৰি দিব পাৰিব আৰু সেইটো হৈছে কেবল মাটিৰ দালালৰ চাকৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in