বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত বিশ্বকৰ্মা পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত বিশ্বকৰ্মা পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

ডিজিটেল সংবাদ, হেঙেৰাবাৰীঃ সমগ্ৰ ৰাজ্যতে বুধবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা উলহ মালহেৰে পালন কৰা হয়। সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীৰ কাৰ্যালয়তো পালন কৰে বিশ্বকৰ্মা পূজা ।

ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা উদযাপন কৰা এই বিশ্বকৰ্মা পূজাত কাৰ্যালয়ত পূজা অৰ্চনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বিশ্বকৰ্মা পূজা পালনৰ বাবে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ লগতে বিজেপিৰ উপ-সভাপতি খগেন্দ্ৰনাথ কলিতাৰ উপৰিও শতাধিক দলীয় নেতা কৰ্মীৰ লগতে মহিলা মৰ্চাসকলৰ একেলগে পূজা কৰা পৰিলক্ষিত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in