বিজেপি নেতা-বিধায়কৰ মুখত ওলমিল তলা!

বিজেপি নেতা-বিধায়কৰ মুখত ওলমিল তলা!

তলা ওলমালে বিজেপি বিধায়কৰ মুখত। বিজেপি নেতায়ো ইচ্ছা অনুযায়ী এতিয়া ক'ব নোৱাৰিব কোনো কথা। কিয়, কোনে বিজেপিৰ এইসকল জনপ্ৰতিনিধি আৰু নেতাৰ মুখত তলা ওলমালে? সেই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক বিশেষ ৰিপৰ্ট।

ডিজিটেল ডেস্কঃ হেল্ল'!

বিজেপি নেতাঃ হয়।

ডিজিটেল ডেস্কঃ আজি মেঘালয়ত মুখ্যমন্ত্ৰীয়ে বিধেয়কখনৰ বিৰোধিতাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে। কেন্দ্ৰীয় চৰকাৰক বিধেয়কখন গৃহীত কৰিলে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি হুংকাৰ দিছে। আপুনি এই সন্দৰ্ভত কিবা ক'ব নেকি?

বিজেপি নেতাঃ কোনে ক'লে আপুনি?

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ পৰা কৈছো।

বিজেপি নেতাঃ নাই নাই এই সন্দৰ্ভত মোৰ কোনো মন্তব্য নাই।

ডিজিটেল ডেস্কঃ জাতীয় অস্তিত্বৰ ৰক্ষাক লৈ ৰাইজ সংগ্ৰামত নামিছে। আৰু আপোনালোক মৌন হৈ বহি আছে।

বিজেপি নেতাঃ আমাৰ ক'ব লগাবোৰ দলৰ মজিয়াত ক'ম।

ডিজিটেল ডেস্কঃ কিন্তু ৰাইজে আপুনি কি ক'লে গম নাপাম।

বিজেপি নেতাঃ সময়ত ৰাইজে সকলো জানিব।

ডিজিটেল ডেস্কঃ সেই সময় কেতিয়া আহিব? আপুনি জাতিটোৰ পক্ষত নে হিন্দু বাংলাদেশীৰ পক্ষত?

বিজেপি নেতাঃ সময়ত আপুনি সকলো গম পাব।

ডিজিটেল ডেস্কঃ কিন্তু এতিয়া এইটো কথা ক'ব নোৱাৰে কিয়?

বিজেপি নেতাঃ আমাৰ দলৰ কিছু নীতি-নিয়ম থাকে।

ডিজিটেল ডেস্কঃ কিন্তু আপোনালোকৰ দলৰ বহু জনপ্ৰতিনিধিয়ে ইয়াৰ বিৰোধিতা কৰিছে।

বিজেপি নেতাঃ তেওঁলোকে দলীয় অনুশাসন ভংগ কৰিছে। মই নকৰো।

ডিজিটেল ডেস্কঃ কিয়? জাতিৰ স্বাৰ্থৰ কথা ক'লে দলীয় অনুশাসন ভংগ হয় নেকি?

বিজেপি নেতাঃ চাওঁক, আপুনি এইবোৰ মোক সুধি লাভ নাই। মই যি ক'ব লগা দলৰ মজিয়াত ক'ম আৰু আমাৰ নেতৃত্বই ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য নকৰিবলৈ আমাক সকলোকে সকীয়াই দিছে।

ডিজিটেল ডেস্কঃ ৰাম মাধৱে সংবাদমেলত বৃহস্পতিবাৰে দিয়া সকীয়নিৰ কথা কৈছে নেকি আপুনি?

বিজেপি নেতাঃ হয়, আপুনি সকলো জানেই। আমাৰ এখন মঞ্চ আছে। আমি তাত সকলো কথা আলোচনা কৰিম। বিজেপিয়ে জাতিৰ স্বাৰ্থত আঘাত হনা কোনো কাম নকৰে।

এই কথোপকথন আছিল বিজেপিৰ এজন নেতাৰ সৈতে। তেওঁ অনুমতি নোলোৱাকৈ এই কথাখিনি প্ৰকাশ কৰাৰ বাবেই তেওঁৰ নাম ইয়াত উল্লেখ কৰা হোৱা নাই। কিন্তু এতিয়া যদি আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মন্তব্য বিচাৰি কোনো বিজেপি নেতা বা জনপ্ৰতিনিধিৰ সৈতে যোগাযোগ কৰে তেন্তে এই উত্তৰেই আহিব- সময়ত কথা খিনি দলীয় মঞ্চত কম বা ন' কমেন্ট।

কোনো জনপ্ৰতিনিধি বা নেতাই দল বিৰোধী মন্তব্য কৰিব নোৱাৰিব। এই সকীয়নিৰে কাৰ্যতঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্তব্য কৰিব নোৱাৰিব বুলি দলীয় নেতৃত্বই সকীয়াই দিছে তেওঁলোকক। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে এই মন্তব্য কৰিছিল বৃহস্পতিবাৰে।

ইয়াৰ পূৰ্বে বিধেয়কৰ বিৰুদ্ধে মাত মাতিছিল পদ্ম হাজৰিকা, অতুল বৰা, দেৱানন্দ হাজৰিকা, ঋতুপৰ্ণ বৰুৱা আদিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁলোকে ৰাজহুৱা মন্তব্য কৰিছিল। তাৰ পৰিণতিতেই নিজ দলৰ বিধায়কক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সকীয়নি দিলে ৰাম মাধৱে। অৱশ্যে ইয়াৰ পূৰ্বে অতি কৌশলেৰে এই বিধেয়কখনৰ বিৰুদ্ধে এক ৰাজহুৱা পত্ৰ লিখিছিল বিধানসভাৰ অধ্যক্ষ হীতেন গোস্বামীয়ে।

এই সকল বিধায়ক তথা জনপ্ৰতিনিধিৰ লগতে নেতাসকলৰ প্ৰতি সেয়েহে ৰাম মাধৱৰ সতৰ্কবাণী। তাৰপাছতেই এতিয়া সুধিলেও কোনো কথা নকয় বিজেপি নেতা তথা জনপ্ৰতিনিধিয়ে। অন্যথা দলীয় নেতৃত্বৰ ৰোষত পৰাৰ ভয়। অৱশ্যে কেইজনমান বিধায়ক তথা মন্ত্ৰীয়ে এনে প্ৰশ্ন শুনিলে আঁতৰতেই দৌৰে। আছুক নেতৃত্ব দিয়া মন্ত্ৰী তপন গগৈৰ মুখতো নাই এই বিধেয়কখনৰ সন্দৰ্ভত কোনো মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in