নগাঁৱত এতিয়াও ঠিৰাং হোৱা নাই বিজেপি প্ৰাৰ্থী…

নগাঁৱত এতিয়াও ঠিৰাং হোৱা নাই বিজেপি প্ৰাৰ্থী…

ডিজিটেল ডেস্কঃ তেজপুৰ সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে যদিও, শুকুৰবাৰে অনুষ্ঠিত হোৱা বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত ঘোষণা কৰা নহ'ল অসমৰ আন এটা সমষ্টি নগাঁৱৰ প্ৰাৰ্থীৰ নাম। এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল বৰ্তমানৰ ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰাজেন গোঁহাইয়ে। নাৰীজনিত অপৰাধৰ বাবে তেওঁক দলে প্ৰাথিত্ব নিদিয়াৰ কথা ঘোষণা কৰিছিল স্বয়ং মন্ত্ৰীজনে।

তেওঁৰ স্থানত পত্নী ৰীতা গোঁহাইক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে ৰাজেন গোঁহাইয়ে নাম প্ৰেৰণ কৰিছিল যদিও, বিজেপি শীৰ্ষ নেতৃত্বই সেই নাম বিবেচনা নকৰা বুলিয়েই খবৰ পোহৰলৈ আহিছে। কিন্তু তেওঁৰ স্থানত কাক সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সেয়া স্পষ্ট নহ'ল শুকুৰবাৰেও।

সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰূপে বৰ্তমানৰ বিধেয়ক ৰূপক শৰ্মা, আৰ এছ এছ কৰ্মী দিপলু ৰঞ্জন শৰ্মা আৰু বিজেপি অসম প্ৰদেশৰ কৃষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাৰ নাম চৰ্চাত আছে। দলে অৱশ্যে এতিয়ালৈকে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in