‘কা’ৰ সমৰ্থন নকৰা বুদ্ধিজীৱীসকল তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰঃ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্য

‘কা’ৰ সমৰ্থন নকৰা বুদ্ধিজীৱীসকল তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰঃ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্য

ডিজিটেল ডেস্কঃ এফালে দেশজুৰি অব্যাহত আছে 'কা' বিৰোধী প্ৰতিবাদ, আনফালে বিজেপি তথা কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ সমৰ্থনত বাহিৰ কৰিছে সমদল। তাৰ মাজতে বিজেপি নেতা-মন্ত্ৰী-সাংসদে 'কা' বিৰোধীক লৈ কৰা মন্তব্যই সূচনা কৰিছে বিতৰ্কৰ। শেহতীয়াকৈ পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে 'কা'ৰ বিৰোধিতা কৰাসকলক অসম, উত্তৰ প্ৰদেশ, কৰ্ণাটক চৰকাৰে কৰাৰ দৰে কুকুৰৰ দৰে গুলীয়াই মাৰিব লাগে বুলি কৰা মন্তব্যই দেশজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ।

আনহাতে পশ্চিম বংগৰে আনএগৰাকী বিজেপি সাংসদে এইবাৰ 'কা' বিৰোধী বুদ্ধীজীৱীসকলৰ লৈ কৰা তীৰ্যক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিজেপি সাংসদ সৌমিত্ৰ খানে দেওবাৰে বছিৰহাটত এক জনসভা সম্বোধন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা বুদ্ধিজীৱী সকলক তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰ আখ্যা দিয়ে।

বিজেপি সাংসদজনে কয়, 'ৰাজ্য চৰকাৰৰ দ্বাৰা ধন প্ৰদান কৰি অহা যি সকল বুদ্ধিজীৱীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ সমৰ্থন কৰা নাই, সেইসকল বুদ্ধিজীৱী আচলতে তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰ। সেইসকল লোকে তৃণমূল কংগ্ৰেছৰ মতেই উঠা বহা কৰে। তেওঁলোকৰ নিজৰ অস্তিত্ব বুলিবলৈ একো নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in