আয়োগৰ নিৰ্দেশ মনা নাই বিজেপি সাংসদে, পোষ্টাৰত লগাইছে সেনাৰ ফটো…

আয়োগৰ নিৰ্দেশ মনা নাই বিজেপি সাংসদে, পোষ্টাৰত লগাইছে সেনাৰ ফটো…

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশ মনা নাই বিজেপিয়ে। ভাৰতীয় সেনা আৰু সেনাৰ জোৱানৰ ফটো নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ নকৰিবলৈ আয়োগে দিয়া নিৰ্দেশ ভৰিৰে মোহাৰিলে বিজেপি নেতাই। আয়োগৰ নিৰ্দেশ অমান্য কৰি বিজেপিৰ জয়পুৰৰ সাংসদ ৰামচৰণ বোহৰাই নিৰ্বাচনী পোষ্টাৰ-হৰ্ডিঙত ব্যৱহাৰ কৰিছে সেনাৰ ছবি।

জয়পুৰৰ সাংসদ গৰাকীয়ে তেওঁৰ ফটো আৰু মোডীৰ ফটোৰ লগতে সেনাৰ ফটো দি অঁৰা পোষ্টাৰবোৰত লিখিছে- সন্ত্ৰাসবাদীক পাকিস্তানত গৈ মৰা বুলি। লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই আয়োগে এনে পোষ্টাৰ-হৰ্ডিং অঁৰা নিষিদ্ধ কৰিছিল। কিন্তু শাসকীয় দলটোৰ সাংসদগৰাকীয়ে সেই নিয়ম ভংগ কৰি প্ৰধানমন্ত্ৰীৰ ফটোসহ এনেদৰে পোষ্টাৰ অঁৰা কাৰ্যক ধিক্কাৰ দিছে বিৰোধীয়ে।

এই সন্দৰ্ভত জয়পুৰৰ সাংসদগৰাকীৰ মন্তব্য- নিৰ্বাচনৰ বাবে তেওঁ এই পোষ্টাৰ বা বেনাৰ ব্যৱহাৰ কৰা নাই। যদি আয়োগৰ তেনে নিৰ্দেশ আছে, তেন্তে সেইবোৰ আঁতৰাই পেলাব। ইফালে, বিজেপি সাংসদগৰাকীৰ এই কাৰ্যত ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই কৈছে যে- বিজেপিয়ে আয়োগৰ নিৰ্দেশেই কোনো গুৰুত্ব নিদিয়ে। ৫ বছৰ কোনো কাম কৰিব নোৱাৰা বিজেপিয়ে এইবাৰ নিৰ্বাচন জিকিবৰ বাবে এনে ধৰণৰ নতুন নতুন পন্থা হাতত লৈছে।

ৰাজস্থান বিধানসভাত পৰাজয়ৰ মুখ দেখাৰ পাছত নিৰাশ বিজেপি কৰ্মকৰ্তাই দলটোৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবেহে ছাৰ্জিকেল ষ্ট্ৰাইকৰ নাটক কৰা বুলি তেওঁ মন্তব্য কৰে। পুলৱামাৰ আক্ৰমণৰ পাছত শ্বহীদ জোৱানৰ ফটো লগাই ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পাইলট অভিনন্দন ৱৰ্থমানৰ ফটো ব্যৱহাৰ কৰি নিৰ্বাচনী পোষ্টাৰ বনোৱা, ছ'চিয়েল মিডিয়াত এইবোৰৰ প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে আয়োগৰ ওচৰত ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলে আপত্তি দৰ্শাইছে।

ইয়াৰ পূৰ্বে ২০১৩চনতেই নিৰ্বাচন আয়োগে প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ এক পত্ৰ লিখি এই সন্দৰ্ভত আপত্তি দৰ্শাইছিল। তাৰপাছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশ আৰু বালাকোট আক্ৰমণৰ পাছত পাক সন্ত্ৰাসবাদীক পাকিস্তানত গৈ ছাৰ্জিকেল ষ্ট্ৰাইকেৰে নিধন কৰাৰ দাবীৰে দেশত দেশপ্ৰেমৰ নতুন নমুনা সৃষ্টি কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিত ব্যস্ত হৈ পৰিছে একাংশ নেতা আৰু ৰাজনৈতিক দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in