‘কেব’ক লৈ বিজেপিৰ হুইপঃ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ দলৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব সদনত…

‘কেব’ক লৈ বিজেপিৰ হুইপঃ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ দলৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব সদনত…
  • সোমবাৰ অথাৎ ৯ ডিচেম্বৰত লোকসভাত উত্থাপিত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯।
  • উক্ত বিধেয়ক গ্ৰহণৰ ক্ষেত্ৰত সৰ্বশক্তি প্ৰয়োগৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে শাসক দল বিজেপিয়ে।
  • ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ উভয় সদনৰ সমূহ বিজেপি সাংসদৰ উপস্থিতি বাধ্যতামূলক কৰি হুইপ জাৰি কৰা হৈছে।
  • শাসক দলটোৱে এন ডি এৰ অংশীদাৰ দলসমূহৰ সাংসদসসকলৰ উপস্থিতি নিশ্চিত কৰাৰ বাবেও সংশিষ্ট দলসমূহক হুইপ জাৰিৰ দৰে প্ৰদক্ষেপ ল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে।
  • ইফালে কেবৰ বিৰোধিতাৰ বাবে ককাঁলত টঙালি বান্ধি সাজু হৈছে কংগ্ৰেছ দল।
  • এন চি পি, তৃণমূল কংগ্ৰেছ, জনতা দল(ইউ)কে ধৰি ১০ টাৰো অধিক দলো কেবৰ বিৰোধিতাৰ বাবে একত্ৰিত হৈছে।
  • ইফালে তৃণমূল কংগ্ৰেছেও বিধেয়কখনৰ বিৰোধিতাৰ ক্ষেত্ৰত যাতে কোনো দুৰ্বলতা নাথাকে তাৰবাবে সাংসদ সকলৰ উপস্থিতি বাধ্যতামূলক কৰি হুইপ জাৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in