আই চি ইউত থকা অগপ আকৌ আই চি ইউলৈ গ’লঃ শিলাদিত্য

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, হোজাইঃ পুনৰ সাৰ পাইছে শিলাদিত্য৷ এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা এইবাৰ শিলাদিত্যই অগপ সন্দৰ্ভত কৰিছে আন এক মন্তব্য৷ 'আগতেও আই চি ইউতেই আছিল অসম গণ পৰিষদ৷ এতিয়া পুনৰ আই চি ইউলৈ গুচি গ'ল অগপ৷'

আঞ্চলিক দল অগপৰ সন্দৰ্ভত হোজাই বিধায়কজনে এই মন্তব্য কৰাৰ লগতে তেওঁ দাবী কৰে যে হোজাই জিলা পৰিষদ বিজেপিয়ে গঠন কৰিব৷ তাৰ বাবে হেনো অংক কৰি থৈছে শিলাদিত্যই৷ পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পাছতো টিনৰ পৰা নমা নাই বিতৰ্কিত বিধায়কজন৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফক লৈও টিপ্পনী দিয়ে শিলাদিত্যই৷ মুছলমান সকলে কংগ্ৰেছক ভোট দিয়াটো স্থায়ী নহয় বুলি উল্লেখ কৰি শিলাদিত্যই কয়, 'মুছলমান সকলে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰে৷'

এ আই ইউ ডি এফে মুছলমান প্ৰধান ৰাজ্য গঠনৰ কাম অব্যাহত ৰাখিছে বুলিও তেওঁ অভিযোগ কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ পাছতেই বহুবল্কী বিধায়কজন কেইদিনমানৰ বাবে মৌন হৈ আছিল যদিও পুনৰ বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in