ছ’চিয়েল মিডিয়াত বিধায়িকা নৱনীতা সন্দিকৈৰ ভিডিঅ’ ভাইৰেল… VIDEO

ছ’চিয়েল মিডিয়াত বিধায়িকা নৱনীতা সন্দিকৈৰ ভিডিঅ’ ভাইৰেল… VIDEO

ডিজিটেল ডেস্কঃ ঋষি কাপুৰ আৰু জয়প্ৰদা অভিনীত সৰগম ছবিৰ এটা বিখ্যাত গীত- 'দফলী ৱালে দফলী বজা… মেৰে ঘুংগৰু বুলাতে হে আ… মে নাচো তো নচা…' । হাতত দফলী লৈ ঋষি কাপুৰে নচা সেই দৃশ্য সকলোৰে চকুৰ সন্মুখত ভাহি থাকে।

সেই একেটা গীতৰে আন এক দৃশ্য এতিয়া অসমৰ ছ'চিয়েল মিডিয়া আৰু হোৱাটছএপত ভাইৰেল হৈছে। ঋষি কাপুৰৰ স্থানত নাচি আছে এগৰাকী বিশেষ মহিলাই। কোনো কোনোৱে এই মহিলাগৰাকীক সমালোচনা কৰি কৈছে- 'কাক লৈ ৰাজ্য জ্বলি থকা সময়ত এইদৰে আনন্দ-ফূৰ্তিত বুৰ গৈ আছে তেওঁ।'

নিশাৰ ভাগৰ সেই দৃশ্য। আৰু এইদৰে নৃত্যত ভাগ লোৱা মহিলাগৰাকী হ'ল অলপতে উপ নিৰ্বাচনত সোণাৰিৰ পৰা জয়ী হোৱা বিধায়িকা নৱনীতা সন্দিকৈ। বিধায়িকা গৰাকীৰ সেই নৃত্য কেতিয়াৰ সেই সন্দৰ্ভত অৱশ্যে কোনেও একো লিখা নাই।

পূৰ্বৰো হ'ব পাৰে এই ভিডিঅ'টো। কিন্তু 'কা'ৰ আন্দোলনৰ সমান্তৰালভাৱে ভাইৰেল হৈ পৰা ভিডিঅ'টোক লৈ চলিছে সৰৱ চৰ্চা। বিধায়িকাগৰাকীক সমৰ্থন কৰি আন একাংশই কৈছে- বিধায়িকা হ'ল বুলি তেওঁ হাঁহি-ফূৰ্তিও কৰিব নোৱাৰিব নেকি? সেয়া তেওঁৰ ব্যক্তিগত জীৱন।

এই সন্দৰ্ভত সবিশেষ জানিবলৈ বিধায়িকাগৰাকীৰ সৈতেও যোগাযোগৰ চেষ্টা কৰা হৈছিল।কেইবাবাৰো তেওঁৰ ম'বাইলত যোগাযোগ কৰা হ'ল যদিও সংযোগ স্থাপন নহ'ল তেওঁৰ সৈতে। ইফালে ছ'চিয়েল মিডিয়াত তোলপাৰ লাগিছে ভিডিঅ'টোক লৈ। কিন্তু প্ৰকৃত সত্যতো হ'ল সেই ভিডিঅ' কেতিয়াৰ আৰু ক'ৰ সেই সন্দৰ্ভত কাৰো হাতত নিৰ্দিষ্ট তথ্য নাই।

ফূৰ্তি-তামাচা কৰি ভাল পোৱা বিধায়িকাগৰাকীয়ে নিজকে কয় সমষ্টিটোৰ হেনো তেওঁ আজলি বোৱাৰী। প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিধায়িকাগৰাকীৰ এই ভিডিঅ'ক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া ।

পূৰ্বৰ সোণাৰি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী তপন গগৈক ২০১৯চনৰ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা জয়ী হৈ যোৱাত সেই সমষ্টিটো খালী হৈছিল। গগৈৰ স্থানতে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল নৱনীতা সন্দিকৈক।

বিধায়িকাগৰাকীৰ ভিডিঅ'টোৱে বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে বহুতকে আনন্দৰ খোৰাকো যোগাইছে। বিধায়িকাগৰাকীৰ সমৰ্থনত আন কিছুৱে মন্তব্য কৰিছে- তেওঁ ফূৰ্তি-তামাচা কৰি ভালপোৱা মানুহ। এই ভিডিঅ'ক লৈ এনেদৰে ৰাজনীতি কৰাতো উচিত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in