শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

ডিব্ৰুগড়ত বিজেপি নেতাসহ আৰক্ষীৰ জালত ৫জন

990

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আই পি এলৰ নামত বিগত কিছুদিনৰ পৰা ব্যাপক জুৱাৰ আড্ডা বহুৱাই অহা এটা চক্ৰ সোমবাৰে উৎখাত কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে নালিয়াপুলৰ পৰা ৫ টা জোৱাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ এগৰাকী ডিব্ৰুগড় বিজেপিৰ উপ-সভাপতি মিথুন দাস।

আৰক্ষীয়ে জুৱা খেলাৰ অপৰাধত ৰুজু কৰা ৭৩০/১৯ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪/আসাম গেম এণ্ড বেটিং এক্টৰ অধীনত মিথুন দাসৰ লগতে ত্ৰিদীপ দাস, বাপন ভৌমিক, সুদীপ সৰকাৰ, আৰু ৰমেন তালুকদাৰ নামৰ জোৱাৰী জনকো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ লগতে জুৱাত ব্যৱহৃত ৫ টা ফোনো জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বিজেপিৰ মিথুন দাসৰ নেতৃত্বতে নালিয়াপুলস্থিত ৰে’লৱে হাস্পতালৰ সমীপত চলাইছিল বৃহৎ জোৱাৰ আড্ডা। আইপিল খেল আৰম্ভ হোৱাৰে পৰা নালিয়াপুলত আৰম্ভ কৰিছিল জুৱা। চক্ৰটোৱে ফোনযোগেও আন আন ঠাইৰ জোৱাৰীৰ লগত সংযোগ স্থাপন কৰি জোৱাৰ মাত্ৰা বৃদ্ধি তথা সম্প্ৰসাৰণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি