বিজেপি আমাৰ প্ৰধান শত্ৰুঃ একেখন হেলিকপ্টাৰত গৈ নিৰ্বাচনী প্ৰচাৰ আজমল,ৰিপুণ,ৰকিবুলৰ…

বিজেপি আমাৰ প্ৰধান শত্ৰুঃ একেখন হেলিকপ্টাৰত গৈ নিৰ্বাচনী প্ৰচাৰ আজমল,ৰিপুণ,ৰকিবুলৰ…

ডিজিটেল সংবাদ, গৌৰীপুৰঃ বিজেপি আমাৰ প্ৰধান শত্ৰু। উগ্ৰ সাম্প্ৰদায়িকতাৰে বিজেপিয়ে সমাজক ধ্বংস কৰিবলৈ ওলাইছে। বিজেপিৰ লগতে বি পি এফ, ইউ পি পি দলক উতখাত কৰাৰ বাবে বি টি আৰৰ পৰিষদীয় নিৰ্বাচনত আমি মিত্ৰতা কৰিছো। এইদৰে বুধবাৰে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ দেৱীতোলাত নিৰ্বাচনী ভাষণ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

তেওঁ লগতে কয় যে, বিজেপি আৰু বি পি এফৰ মাজত মিত্ৰতা ভংগ হোৱাৰ নাটকহে কৰিছে। এই নাটক কৰি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ভোট আদায়ৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। UPPL, BPF আৰু বিজেপি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। এই কথাৰ প্ৰমাণ আছে বুলি বৰাই কয় যে, হাগ্ৰামা মহিলাৰীক হিমন্ত বিশ্ব শৰ্মাই অশ্লীল গালি-গালাজ কৰে কিন্তু আনফালে মন্ত্ৰীসভাত বি পি এফৰে মন্ত্ৰী আছে। এই কথাই বিজেপি আৰু বি পি এফৰ মাজত থকা মিত্ৰতাক পতিপন্ন কৰে বুলি মন্তব্য কৰে ৰিপুণ বৰাই।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফে একত্ৰিতভাৱে অনুষ্ঠিত হোৱা এই সভাস্থলীত পুৱাই একেখন হেলিকপ্টাৰযোগে উপস্থিত হয়, সাংসদ বদৰুদ্দিন আজমল, প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুচেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু ৱাজেদ আলী চৌধুৰী। দেৱীতোলাত মিত্ৰদল এ আই ইউ ডি এফ প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মৰ হৈ এই সভা অনুষ্ঠিত কৰা হৈছিল।

উক্ত সভাত উপস্থিত থাকি কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনে মেকুৰী-বান্দৰ শব্দ ব্যৱহাৰ কৰি বিজেপি- বি পি এফে ৰাজনীতিৰ পথাৰখনক কলুষিত কৰা বুলি অভিযোগ কৰে। বি টি আৰত বিজেপিয়ে যিমানেই প্ৰচাৰ নচলাওক কিয়, কংগ্ৰেছ-এ আই ডি এফে বিজেপিতকৈ কমেও ৫খন আসন লাভ কৰিব বুলি দাবী কৰে। হুচেইনে লগতে কয় যে, কিছু দিনৰ আগলৈকে হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মাৰ খাচ মানুহ আছিল। কিন্তু শেহতীয়াকৈ দুয়ো নেতাৰ কথাৰ কটাকটিক নাটক আখ্যা দিয়ে তেওঁ।

সভাত বদৰুদ্দিন আজমলে, নিৰ্বাচনৰ পাছত ৰাইজৰ মূল সমস্যাবোৰ আমি মুৰ পাতি লম বুলি মন্তব্য কৰে। বি টি আৰক ধৰ্মীয় সংখ্যালঘু ৰাইজক কোৱে মাটিৰ পট্টা নিদিয়ে চাই লম বুলিও সকিয়নী প্ৰদান কৰে আজমলে। উল্লেখ্য যে, প্ৰায় ৫ সহস্ৰাধিক লোক উপস্থিত আছিল এই নিৰ্বাচনী সভাখনত। এই সভাখনৰ পাছতে কংগ্ৰেছ- এ আই ইউ ডি এফৰ এই দলটোৱে মথনগুৰিৰ লগতে কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in