‘কা’ৰ সমৰ্থনত শনিবাৰে খানাপাৰাত বিজেপিৰ জনসভা, উপস্থিত থাকিব জে পি নড্ডা…

‘কা’ৰ সমৰ্থনত শনিবাৰে খানাপাৰাত বিজেপিৰ জনসভা, উপস্থিত থাকিব জে পি নড্ডা…

ডিজিটেল ডেস্কঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক লৈ চলি থকা ব্যাপক প্ৰতিবাদ-আন্দোলনৰ মাজতে ৪ জানুৱাৰীত গুৱাহাটীলৈ আহিব বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডা। আইনখনৰ সমৰ্থনত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসালয়ত এখন জনসভাৰ আয়োজন কৰিছে বিজেপিয়ে।

দিনৰ ১১ বজাত জনসভাখন সম্বোধন কৰিব বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডাই। ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে দলৰ বুথ পৰ্যায়ৰলৈকে এই জনসভাত উপস্থিত থাকিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, এই জনসভা পূৰ্বে ৫ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৪ জানুৱাৰীলৈ আগুৱাই অনা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in